Local, Vocal, Global

Sensational robbery in Guwahati : পিষ্টল দেখুৱাই দুগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন

নিউজ ডেস্ক, ১৩ আগষ্ট : আৰক্ষীৰ নিৰীক্ষণত থকা অভিজাত গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাব ধৰিছে বিভিন্ন অপৰাধজনিত ঘটনা(Sensational robbery in Guwahati) । বিশেষকৈ নিজৰ পদূলিমুখতেই নিৰাপদ নহয় মহিলা । শনিবাৰে দিছপুৰ থানাৰ অন্তৰ্গত হেঙেৰাবাৰীৰ প্ৰতীক্ষা হাস্পতাল আৰু ইয়াৰ সমীপত দুটাকৈ চেইন চুৰিৰ ঘটনা সংঘটিত হৈছে (Gold Chain Snatching)।

প্ৰতীক্ষা হাস্পতালৰ সমীপত শনিবাৰে সন্ধিয়া মটৰ চাইকেলত অহা দুৰ্বৃত্তই সন্ধ্যা ভ্ৰমণৰ বাবে ঘৰৰ পৰা ওলাই অহা এগৰাকী মহিলাৰ ডিঙিত পিষ্টল থৈ সোণৰ চেইন কাঢ়ি লৈ যায় । এই ঘটনা খনিকৰ ষ্টোৰ নামৰ দোকানখনৰ সন্মুখত সংঘটিত হৈছিল । সেই সময়ত ভুক্তভোগী মহিলাগৰাকীৰ পুত্ৰ পাৰ্থ খনিকৰে দোকানৰ ভিতৰত ব্যস্ত হৈ আছিল । তেনে সময়তে নাৰেংগীৰ পৰা ছয় মাইলৰ দিশৰ পৰা আহি থকা এখন মটৰ চাইকেল ৰখাই অচিনাক্ত দুৰ্বৃত্তই মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ যায় ।

ইফালে, একেদিনাই ইয়াৰ সমীপত আন এক চেইন চুৰিৰ ঘটনা সংঘটিত হয় । মটৰ চাইকেলত অহা অচিনাক্ত দুৰ্বৃত্তই আন এগৰাকী মহিলাৰ পৰা সোণৰ চেইন কাঢ়ি লৈ যায় । এই ঘটনাৰ পিছতেই নিৰাপত্তাক লৈ সাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে ।

উল্লেখ্য যে বিগত কেইবা দিনৰ পৰা গুৱাহাটীত কেইবাটাও ঘটনা সংঘটিত হৈছে য’ত দুৰ্বৃত্তই পিষ্টল ব্যৱহাৰ কৰি ধন সোণ কাঢ়ি লৈ যায় । কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে দুৰ্বৃত্তই ক’ত আৰু কেনেকৈ পালে পিষ্টল আৰু মহানগৰত এতিয়া সাধাৰণ ৰাইজ কিমান সুৰক্ষিত । উপৰোক্ত ঘটনাৰ আঁৰত কোন আছে সেইয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

লগতে পঢ়ক : Indore police FIR against Priyanka Gandhi : কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু