Local, Vocal, Global

Shimla Landslide : হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, মৃতকৰ সংখ্যা ১১গৰাকীলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ১৫আগষ্ট : হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন । ১৪ আগষ্ট অৰ্থাৎ সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ(Shimla Landslide) । এই ঘটনাত ২৫ জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । বৰ্তমানো সন্ধানহীন হৈ আছে প্ৰায় ২০ৰ পৰা ২৫জনকৈ লোক । সোমবাৰে সংঘটিত হোৱা এই ভয়ংকৰ ভূমিস্খলনৰ ফলত মৃত্যু হৈছে ১১ গৰাকীকৈ লোকৰ ৷

মঙলবাৰে উদ্ধাৰ হয় ৩টা মৃতদেহ । জানিব পৰা মতে এতিয়াও উদ্ধাৰ হোৱা বহু লোকৰ পৰিচয় জানিব পৰা হোৱা নাই (Devastating Rain Related Tragedy Strikes Himachal Pradesh) ।

আনহাতে ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ । ইফালে এটা নলাৰ পৰা উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ । শিৱ মন্দিৰটোৰ কাষেৰে বৈ যোৱা নলা এটিত উদ্ধাৰ হৈছে মৃতদেহটো আৰু এই নলাটোত বহুলোকৰ উটি যোৱাৰ আশংকা কৰিছে উদ্ধাৰকাৰী দলে । এই নলাটোৰ পৰা এক কিলোমিটাৰ দূৰত উদ্ধাৰকাৰীয়ে দলে অভিযান চলাই আছে ৷ এই ভূমিস্খলনৰ ফলত প্ৰায় ২০ ৰ পৰা ২৫ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ৷

মঙলবাৰে পুৱা জিলা প্ৰশাসনেও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই ৷ আৰু ইয়াক স্থানীয় লোকসকলে পূৰ্ণ সহযোগিতা আগবঢ়াই ৷ এই ভূমিস্খলনত স্থানীয় লোকো সন্ধানহীন হোৱা বুলি খবৰ পোৱা গৈছে ।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি উদ্ধাৰ অভিযান সম্পূৰ্ণ হ’বলৈ ৩-৪ দিন পৰ্যন্ত লাগিব পাৰে ৷ কিয়নো এতিয়াও বহু লোক সন্ধানহীন হোৱা আশংকা কৰা হৈছে ৷

উল্লেখ্য যে সোমবাৰে পুৱা হিমাচলৰ ৰাজধানী চিমলাত সংঘটিত হয় এক বৃহৎ ভূমিস্খলনৰ ঘটনা । ছামাৰহিল অঞ্চলত অৱস্থিত শিৱ বাউদী মন্দিৰত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হয়।সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ । এই ঘটনাত ২৫ জনতকৈ অধিক লোকক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হয় । এই বহুলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

উল্লেখ্য যে, সোমবাৰে বৰষুণৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে বুলি জানিব পৰা গৈছিল । পাহাৰৰ পৰা এতিয়াও শিল বাগৰি আছে । মন্দিৰৰ ওপৰত শিল মাটিৰ লগতে চাৰি পাঁচজোপা গছ বাগৰি পৰে।

লগতে পঢ়ক :Shimla Landslide : হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, দুটি শিশুসহ ৫ জনৰ মৃত্যু