Watch | Devastated road of the Merapani: মেৰাপানীৰ এটা বিধ্বস্ত পথে জ্বলা কলা খুৱাইছে ইন্দ্ৰপুৰবাসী ৰাইজক
মেৰাপানী: এটা বিধ্বস্ত পথে জ্বলা কলা খুৱাইছে ইন্দ্ৰপুৰবাসী ৰাইজক । মেৰাপানীৰ ইন্দ্ৰপুৰ আৰু অন্নপুৰ্না সংযোগী পথটো এজাক বৰষুণতে সম্পূৰ্ণৰূপে অচল হৈ পৰে । সদাব্যস্ত পথটোৱেদি দৈনিক স্কুলৰ ছাত্ৰ- ছাত্ৰীৰ লগতে শ শ মানুহ অহা-যোৱা কৰে।
স্থানীয় ৰাইজৰ অভিযোগ মতে , উক্ত পথটো ২০২৪ বৰ্ষৰ শেষৰ ফালে পঞ্চায়তে জৱকাৰ্ডৰ জৰিয়তে দহলাখ টকা ব্যয়ৰে মাত্ৰ কেইগাড়ী মান শিল আৰু কাষৰে চেলচেলী নৈৰ বালি দি অতি নিৰ্ম্নমানৰে নিৰ্মান কৰে । অন্য এক অভিযোগ মতে মাত্ৰ তিনিদিন গাৱৰে শ্ৰমিক নিয়োগ কৰি জব কাৰ্ডৰ জৰিয়তে কাম কৰাই বাকী ধন কাম নকৰাকৈ বুজা বুজিৰে হিতাধিকাৰীৰ একাউন্টত জব কাৰ্ডৰ ধন ভৰাই সমুদায় ধন পঞ্চায়তে আত্মসাৎ কৰা বুলি অভিযোগ তুলিছে ।
উন্নয়ন খণ্ডৰ কতৃপক্ষৰ লগতে স্থানীয় মন্ত্ৰী অজন্তা নেওগকক উক্ত পথটো নিৰ্মানৰ ক্ষেত্ৰত কৰা অনিয়মৰ তদন্তৰ কৰিবলৈ আৰু দোষীক উচিত ব্যৱস্থা গ্ৰহন কৰা লগতে পথটো পুনৰ নিৰ্মান কৰিবলৈ দাবী জনাইছে।