Local, Vocal, Global

দেৰগাঁৱৰ বিশিষ্ট নাগৰিক ,শিক্ষাবিদ সমাজকৰ্মী ভৱেশ খাউণ্ডৰ দেহাৱসান

দেৰগাঁৱৰ বিশিষ্ট নাগৰিক ,শিক্ষাবিদ-সমাজকৰ্মী ভৱেশ খাউণ্ডৰ দেহাৱসান। দেৰগাঁৱৰ খাউণ্ডপাৰা নিবাসী বিশিষ্ট সমাজকৰ্মী ,শিক্ষাবিদ, জেষ্ঠ নাগৰিক ভৱেশ খাউণ্ড বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি হয়। তেওঁ কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ শিক্ষক, অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীত জিলা জনসংযোগ বিষয়া আদি কৰ্মত নিয়োগ হৈছিল।  আজি তেখেতৰ নশ্বৰ দেহ নিজ বাসগৃহ দেৰগাঁৱলৈ দুপৰীয়া ১২:৩০বজাত অনা হয়। দেৰগাঁও সাহিত্য সভা ভৱনৰ সন্মুখত বিভিন্ন দল সংগঠন, ব্যক্তি, প্ৰতিষ্ঠানে জ্ঞাপন কৰে অন্তিম শ্ৰদ্ধাঞ্জলি৷

সদ্য প্ৰয়াত ভৱেশ খাউণ্ড দেৱৰ জন্ম হৈছিল ১৯৩২চনৰ ৫ছেপ্তেম্বৰত। খাউণ্ড ছাত্ৰ অৱস্থাতে ১৯৪২ৰ আন্দোলনত যোগদান কৰিছিল। মৃত্যুৰ সময়ত পত্নী একমাত্ৰ কন্যা, জোঁৱাই,,নাতি-নাতিনীসহ বহু আত্মীয়ক এৰি থৈ যায় খাউণ্ডে৷

দেৰগাঁও সাহিত্য সভা, দেৰগাঁও সাংবাদিক সংস্থা,দেৰগাঁও ই-মিডিয়া আৰু অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা, দেৰগাঁও আঞ্চলিক ছাত্র সংস্থাৰ লগতে বহুতো বিশিষ্ট ব্যক্তিয়ে তেখেতৰ নশ্বৰ দেহত পুস্পাঞ্জলি অৰ্পণ কৰে। লগতে বিদেহী আত্মাৰ সদগতি কামনা কৰে।