Local, Vocal, Global

অৰুণাচল প্ৰদেশত অব্যাহত উগ্ৰপন্থীবিৰোধী অভিযান

অৰুণাচল প্ৰদেশত অব্যাহত আছে উগ্ৰপন্থীবিৰোধী অভিযান। বুধবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপং আৰক্ষী থানাৰ অন্তৰ্গত ৯নং আছাম ৰাইফলছৰ জালত এজন আলফা সদস্য। আছাম ৰাইফলছে গোপন সুত্ৰৰ আধাৰত দুৰ্গম জংঘলৰ পৰা এজন আলফা স্বাধীনৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন আলফা সদস্যজন মাজুলীৰ বালি জোকাই গাঁৱৰ ভাইটি অসম।

আটকাধীন আলফা সদস্যৰ পৰা সেনাই এটা 9MM পিষ্টল, এটা ৰেডিঅ’ ছেট, ম্যানমাৰ ধনসহ বহুতো আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে। অধিক তথ্যৰ বাবে সম্প্ৰতি আটকাধীন আলফা(স্বাধীন)ৰ সদস্যজনক সেনাই অব্যাহত ৰাখিছে জেৰা।