Local, Vocal, Global

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা, খাবলৈ এৰিছিল হতাশাজনিত ৰোগৰ ঔষধ

যিমানেই গধুৰ দুখ, সিমানেই গভীৰ হৈছে ৰহস্য। কিয় মাত্ৰ ৩৪ বছৰ বয়সতে আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’লে বলিউডৰ প্ৰচুৰ প্ৰতিশ্ৰুতি সম্পন্ন অভিনেতা সুশান্ত সিং ৰাজপুতে? পোহৰলৈ আহিছে প্ৰায় ছমাহ ধৰি তেওঁ ভুগি আহিছিল মানসিক হতাশগ্রস্ততাত। ইয়েই তেওঁৰ ৰোগ হৈ পৰিছিল। কিন্তু এই হতাশাৰেই বা কাৰণ কি? টকা -পইচা, গ্লেমাৰ সকলোৱেইতো আছিল। হাতত কামো আছিল বহুখিনি।

এই হতাশগ্ৰস্ততাৰ কাৰণ যিয়েই নহওঁক পোহৰলৈ আহিব নিশ্চয়। এটা কথা শেহতীয়াকৈ পোহৰলৈ আহিছে যে তীব্র হতাশাত ভুগি অহা অভিনেতা জনক চিকিৎসকে যি ঔষধ খাবলৈ দিছিল , সেই ঔষধ শেহতীয়াকৈ খাবলৈ এৰি দিছিল সুশান্ত সিং ৰাজপুতে। এক সূত্ৰৰ খবৰ , আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি যেতিয়া অভিনেতা জনৰ লগতে থকা ভনীয়েকক সোধা-পোচা কৰোতে পোহৰলৈ আহিছে এই তথ্য। অভিনেতা জনৰ ভনীয়েকে আৰক্ষীক এনেদৰে কোৱা বুলি জানিব পৰা গৈছে যে সুশান্ত ডিপ্ৰেছনত ভুগিছিল মৃত্যুৰ সময়লৈকে। কিন্তু শেহতীয়াকৈ কিছুদিনৰ পৰা তেওঁ ঔষধ খাবলৈ এৰি দিছিল। সুশান্ত সিং ৰাজপুত ক্লিনিকেল ডিপ্ৰেছনৰেই চিকাৰ হোৱা বুলি সন্দেহ কৰিছে মনোৰোগ বিশেষজ্ঞয়ো।