কৰ’না আতংকৰ মাজতে ৰাজ্যৰ এখন গাৱঁৰ প্ৰশংসনীয় পদক্ষেপ

ধেমাজি জিলা বৰদলনি অঞ্চলৰ কাকৈয়াল গাঁৱৰ এক প্ৰশংসনীয় পদক্ষেপ। কৰ্মসূত্ৰে অসমৰ বহু যুৱক বহিঃৰাজ্যত আছিল যদিও মহামাৰী কৰ’না ভাইৰাছৰ আতংকৰ বাবে পুনৰ উভতি আহিছে স্বগৃহলৈ। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে ধেমাজি জিলাৰ বৰদলনি কাকৈয়াল গাঁৱলৈও বহিঃৰাজ্যৰ পৰাই উভতি আহিছে বহুযুৱক। কেৰলাৰ পৰাই ধেমাজিত আহি প্ৰশাসনৰ তত্বাৱধানত থকাৰ পিছত হোম কোৱাৰেন্টাইনত প্ৰেৰণ কৰে স্বাস্থবিভাগে। কিন্তু গাঁৱলৈ অহা যুৱকসকলক যুৱক সংঘৰ উদ্যোগত গাঁৱৰে এখন বিদ্যালয়ত আছুতীয়াকৈ ৰাখিছে। লগতে গাঁৱৰ বিদ্যালয়খনতে সম্পুৰ্ণ খোৱা-লোৱাৰ ব্যৱস্থা কৰি দিছে গাওঁবাসীয়ে। পৰিয়াল তথা গাঁওখনৰ সুৰক্ষাৰ কথা ভাৱি লোৱা এই পদক্ষেপক আদৰণি জনাইছে সকলোৱে।