Local, Vocal, Global

ৰাজ্যত বানৰ ভয়ংকৰ ৰূপ, কামপুৰত পুনৰ ভাঙিল বৰাপানী নৈৰ মথাউৰি

কামপুৰত পুনৰ ভাঙিল বৰাপানী নৈৰ মথাউৰি। ধাৰাষাৰ বৰষুণ আৰু কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবে বৰাপানী নৈৰ জলস্তৰ বৃদ্ধি হৈ ভাঙি নিলে মাধৱপাৰা প্ৰমীলা সংযোগী মথাউৰিৰ বৃহৎ অংশ।মথাউৰি ভাঙি বাঢ়নী পানীয়ে বোৰাই পেলালে গৰুবাট মৌজাৰ ২০খনৰো অধিক গাঁও। কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ এক লাখৰো অধিক লোক ক্ষতিগ্ৰস্থ হৈছে ভয়ংকৰ বানত।