Local, Vocal, Global

G20 summit: জি-২০ শীৰ্ষ সন্মিলনৰ বাবে বাবে সাজু দিল্লী,কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৰাজধানী চহৰ দিল্লীত

নেশ্যনেল ডেস্ক, ৭ছেপ্টম্বৰ : জি-২০ বাবে সাজু ৰাজধানী চহৰ দিল্লী। ২০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক আদৰিবলৈ সাজু ভাৰত ৷ আটক-ধুনীয়াকৈ সজাই তোলা হৈছে ৰাজধানী চহৰ দিল্লী । সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে দিল্লী (G20 summit) ।

তাৰ মাজতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলৰ সুৰক্ষাৰ বাবে নিয়োগ কৰা হৈছে বৃহৎ সেনাবাহিনী(Delhi Police preparation for G20 Summit security) । জি-20 শীৰ্ষ সন্মিলনৰ সময়ত যাতে কোনো ধৰণৰ অঘটন নহয় তাৰ বাবে দিল্লী আৰক্ষীয়ে ২৪ ঘণ্টাই কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে ৷ ড্ৰোণ আৰু হেলিকপ্টাৰেৰে চোৱা চিতা কৰি থকা হৈছে বিভিন্ন ঠাই । জানিব পৰা মতে, সুৰক্ষাৰ বাবে বিভিন্ন স্তৰত প্ৰায় ১ লাখ ৩০ হাজাৰ সৈনিক নিয়োগ কৰা হৈছে(Delhi Police to ensure round the clock security)।

নিৰাপত্তা ব্যৱস্থাৰ সম্পৰ্কে শ্বাহদ্ৰাৰ ভাৰপ্ৰাপ্ত ডিচিপি হৰ্ষ ইন্দোৰাই ANI ক জনোৱা অনুসৰি, ‘‘দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ বাবে দিল্লীৰ লগতে বাহিৰৰ পৰাও আহিছে নিৰাপত্তাৰক্ষী ৷ আৰু ২৪ ঘন্টা নিৰাপত্তা দি থকা হৈছে ৷ নিয়ম বান্ধি দিয়া হৈছে আৰু সেয় অনুসৰি সময়ত বন্ধ কৰি দিয়া হৈছে বজাৰসমূহক ৷ কোনো দুষ্কৃতিকাৰীয়ে যাতে কূটাঘাটমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সকলো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বিভিন্ন ঠাইত তালাচি চলোৱা হৈছে ৷ বিশেষকৈ আমি যমুনা খাদৰ অঞ্চলত নিয়মীয়াকৈ তালাচি চলাই আছো ৷ কাৰণ ই ৰাজঘাট স্থানৰ ওচৰ পৰে’’।

উল্লেখ্য যে, দুদিনীয়াকৈ অনুষ্ঠিত হ’ব জি-20 শীৰ্ষ সন্মিলন । অহা ৯ ছেপ্টেম্বৰ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব জি-20 শীৰ্ষ সন্মিলনখন । ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে বহুতো দেশৰ প্ৰতিনিধি দল। আৰু এই অতিথিসকলক ৰখাৰ ব্যৱস্থা কৰা হৈছে দিল্লীৰ বিভিন্ন পঞ্চতাৰকা হোটেলত।

সন্মিলনৰ চলি থকাৰ সময়ত বিমান বন্দৰত সুৰক্ষা বাবে বায়ু সেনা উপস্থিত থাকিব। আকাশৰ পৰা যিকোনো ভাবুকিৰ মোকাবিলা কৰিবলৈ অপাৰেচন ডাইৰেকশ্বন চেণ্টাৰ স্থাপন কৰা হৈছে(Delhi Police conduct tear gas drills in preparation for G20 Summit security)।

ইফাল জি-২০ শীৰ্ষ সন্মীলনৰ সময়ত দিল্লীৰ বতৰ কেনে থাকিব সেই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷বৃহস্পতিবাৰে দিল্লীৰ লগতে বিভিন্ন স্থানৰ বতৰৰ আগলিবতৰা প্ৰদান কৰিব ৷ আনহাতে দিল্লীৰ ৯টা গুৰুত্বপূৰ্ণ স্থান যেনে আই জি আই বিমানবন্দৰ, নতুন দিল্লী ৰে’ল ষ্টেচন, চান্দিনী চ’ক, অক্ষ্যৰধাম মন্দিৰ, ল’টাছ মন্দিৰ, কুটুব মিনাৰ, ৰাজঘাট, দিল্লী বিশ্ববিদ্যালয় আৰু লোধি ৰোডৰ দৰে মুখ্য পৰ্যটন আৰু ঐতিহাসিক স্থানসমূহত বতৰ ফৰকাল হৈ থাকিব বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞানীয়ে ৷

লগতে পঢ়ক :G 20 summit : নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G 20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব চীনৰ ৰাজ্যিক পৰিষদৰ প্ৰধান লি কিয়াঙে