Delhi Election Results 2025: দিল্লী কাৰ?২৭বছৰ পিছত দিল্লীত ফুলিব নেকি পদুম ?

নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : দিল্লীত কোনে গঠন কৰিব চৰকাৰ?পুনৰ দিল্লীত আম আদমি পাৰ্টীয়ে চৰকাৰ গঠন কৰিব নে? ২৭বছৰ পিছত ফুলিব দিল্লীত পদুম ?সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ
দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাত(Delhi Election Results 2025)।
পুৱা ৮বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। ভোটগণনাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। দুপৰীয়াৰ ভাগলৈ স্পষ্ট হৈ পৰিব দিল্লীৰ যুঁজত কোন জিকিব।
আজি ভাগ্য নিৰ্ণয় হ’ব অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’ডিয়া, সন্দীপ দীক্ষিত, প্ৰৱেশ বাৰ্মাৰ দৰে বহু ৰথী-মহাৰথীৰ।
উল্লেখযোগ্য যে ৫ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। আৰু আজি ৮ ফেব্ৰুৱাৰীত ভোটগণনা।
একজিট প’লত দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে।
লগতে পঢ়ক :Guwahati’s Ring Road Project: অহা দুমাহৰ ভিতৰত আৰম্ভ হ’ব গুৱাহাটীৰ ৰিং ৰোড কাম