Delhi court extends judicial custody of Arvind Kejriwal, K Kavitha till May 7 : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ সময়সীমা ৭ মে’লৈ বৃদ্ধি
নিউজ ডেস্ক,২৩ এপ্ৰিল : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ সময়সীমা বৃদ্ধি। ৭ মে’লৈ বৃদ্ধি কৰা হ’ল কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে BRS নেত্ৰী কে কবিতাৰো ন্যায়িক জিম্মাৰ ম্যাদ ৭ মে’লৈ বৃদ্ধি কৰা হৈছে(Delhi court extends judicial custody of Arvind Kejriwal, K Kavitha till May 7)।
তথ্য অনুসৰি ED আৰু CBI ৰ গোচৰৰ ভিত্তিত BRS নেত্ৰী কে.কবিতাক বৰ্তমান ন্যায়িক জিম্মাত ৰখা হৈছে। চিবিআই য়ে তেলেংগানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা ৰাজ্যখনৰ বিধান পৰিষদৰ সদস্য কবিতাক তিহাৰ জেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। পূৰ্বতে ইডি ৰ গোচৰৰ ভিত্তিত তেওঁক তিহাৰ জেলত ৰখা হৈছিল(Delhi court extends judicial custody of Arvind Kejriwal, K Kavitha in excise policy case till 7 May)।
উল্লেখ্য যে , ১৫ এপ্ৰিলত আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰিছিল যদিও ফেডাৰেল এজেন্সীৰ সঁহাৰি নোপোৱালৈকে কেজৰিৱালক তাৎক্ষণিক সকাহ দিবলৈ আদালতে অস্বীকাৰ কৰিছে।
লগতে পঢ়ক : এগৰাকী প্ৰধান শিক্ষকৰ বিদায় বেলাৰ স্মৰণীয় দৃশ্য