দুই এপ্ৰিলত অসমলৈ আহিব দিল্লীৰ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱাল
ডিজিটেল ডেস্ক:- দুই এপ্ৰিলত অসমলৈ আহিব দিল্লীৰ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱাল ।আগন্তুক ২ এপ্ৰিলত অসমলৈ আহিব আম আদনীৰ দুই কেন্দ্ৰীয় নেতা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্য়মন্ত্ৰী ভগৱন্ত মান।ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’ব বিশাল কৰ্মীসভা।ইয়াৰ পৰাই ৰাজ্যবাসীক সম্বোধন কৰিব দিল্লীৰ মুখ্য়মন্ত্ৰী আৰু পঞ্জাৱৰ মুখ্য়মন্ত্ৰী গৰাকীয়ে।জানিব পৰা মতে, ৫সহস্ৰাধিক কৰ্মীয়ে এই সভাত অংশগ্ৰহন কৰিব।আম আদমী পাৰ্টীয়ে ইতিমধ্যে আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতিৰ।আজি ভৰলুমুখৰ সোণাৰাম হাইস্কুলত আপৰ কৰ্মীসকলে লাইখুঁটা স্থাপন কৰিছে।এই কাৰ্যসূচীত আপৰ বহুসংখ্যাক ৰাজ্যিক নেতা-কৰ্মী উপস্থিত থাকে।আপৰ মুৰব্বী অসমলৈ অহাত উফুল্লিত হৈছে দলটোৰ নেতা-কৰ্মী সকলে।