Local, Vocal, Global

ক’ভিড-19 ত স্বামীহাৰা হোৱা ৩৫ গৰাকী মহিলাক আৰ্থিক সাহাৰ্য প্ৰদান

গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা  জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ আৰু ক’ভিড-19 ত স্বামীহাৰা হোৱা ৩৫ গৰাকী মহিলাক আৰ্থিক সাহাৰ্য প্ৰদান । আজি গোলাঘাটৰ বগৰীজেং পুলিচ প্লে গ্ৰাউণ্ডত জব্দকৃত ড্ৰাগছত মুখ্যমন্ত্ৰী নিজ হাতেৰে  অগ্নি সংযোগ কৰি  বিনষ্ট কৰে ড্ৰাগছ সমূহ  ।

একেটা অনুষ্ঠানতে গোলাঘাট জিলাত ক’ভিড-19  স্বামীহাৰা হোৱা ৩৫ গৰাকী মহিলাক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে বিধৱা মহিলা সকলক আঢ়ৈ লাখ টকাৰ চেকো প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ড্ৰাগছৰ ক্ষেত্ৰত কঠোৰ হৈছে অসম চৰকাৰ । অসম আৰক্ষীক  ড্ৰাগছ ব্যৱসায়ী বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । অসমত বিগত দুই মাহত ১৬৮.৩৮ কোটি ড্ৰাগছ জব্দ কৰে অসম আৰক্ষীয়ে ।

এই সন্দৰ্ভত অসম আৰক্ষীক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । অনুষ্ঠানত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত  ,মন্ত্ৰী অজন্তা নেওগ , অতুল বৰা, যোগেন মোহন , কেশৱ মহন্ত , অশোক সিংঘল  বিধায়ক ভৱেন ভৰালী, প্ৰশান্ত ফূকন , বিশ্বজিৎ ফূকন ডাঙৰীয়া উপস্থিত থাকে।