Local, Vocal, Global

CBI ৰ জালত NHAI ৰ ৫জন বিষয়া

নিউজ ডেস্ক, ১৪ জুন : গুৱাহাটী মহানগৰীৰ NHAI ৰ বিষয়াৰ ওপৰত CBI অভিযান। CBI ৰ জালত পৰিছে NHAI ৰ কেইবাজনো বিষয়া। সোমবাৰে দালালৰ বিৰুদ্ধে চলোৱা CBI অভিযানত বৃহৎ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হল ৫ জনকৈ বিষয়া।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ বিৰোদ্ধে CBI য়ে চলাইছিল। CBI ৰ অভিযানত জব্দ হয় কোটি কোটি টকা লগতে দুৰ্নীতিৰ লগত জৰিত ৫ জনকৈ বিষয়া কৰ্মীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰ কৰা বিষয়া সকল হল দীপক দাস, পংকজ সিং, দিলীপ ৰাজপুত,আলোক কুমাৰ,সুনীল আগৰৱালা।মঙ্গলবাৰে CBI এ পাঁচজনক গুৱাহাটীৰ আদালতত হাজিৰ কৰায় আৰু আদালতে তেওঁলোকক ৮দিনৰ বাবে CBI ৰ জিম্মালৈ প্ৰেৰণ কৰে।