মধ্যপ্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা…

ডিজিটেল ডেস্ক:- মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ।ৰাজ্যখনৰ শ্বাহডোল জিলাৰ সিংপুৰ ৰে’ল ষ্টেচনত সংঘটিত হয় এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত দুখন মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ হয়।জানিব পৰা মতে,ৰে’ল দুখনৰ পৰা কিছু ডবা ছিটিকি গৈ আন এখন ৰে’লত বাগৰি পৰে।
ঘটনাটো বুধবাৰে পুৱা প্ৰায় ৬.৪৫ বজাত সংঘটিত হয়।ঘটনাস্থলীত থকা প্ৰত্যক্ষদৰ্শীৰ মতে,সিংপুৰ ষ্টেচনত এখন মালবাহী ৰে’ল থিয় হৈ আছিল থিক সেই সময়তে আন এখন মালবাহী ৰে’ল পিছফালৰ পৰা আহি খুন্দা মাৰে ।যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।ঘটনাটো সংঘটিত হোৱাৰ পাছত মালবাহী ৰে’লখনৰ চালক দুজন ৰে’ল খনৰ ইঞ্জিনত আবদ্ধ হৈ পৰে।তেওঁলোকক তাৰ পৰা উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও ইয়াৰে এগৰাকী চালক নিহত হয় বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি ঘটনাটো সংঘটিত হোৱাৰ পিছতে ইঞ্জিনত জুই লাগি যায়। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে এম্বুলেন্স আৰু স্বাস্থ্য বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হয়।লগতে উপস্থিত হয় ৰে’লৰ শীৰ্ষ বিষয়াসকল।
খবৰ অনুসৰি বৰ্তমান সিংপুৰ লাইনৰ পৰা ৰে’লৰ চলাচল বন্ধ কৰি দিয়া হৈছে।আৰু কোনো ৰে’ল তাৰ পৰা আহিব পৰা নাই।ৰে’ল লাইন মুকলি হোৱাৰ পিছত হে পুনৰ ৰে’ল সেৱাৰ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে।ইফালে বৰ্তমানো উদ্ধাৰ অভিযান চলি আছে।কিয়নো এতিয়াও দুজন লোক ইঞ্জিনত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। বৰ্তমানো জানিব পৰা হোৱা নাই যে ৰেল সেৱা কেতিয়াই স্বাভাৱিক হব।ঘটনাস্থলীত ৰে’ল সেৱাৰ শীৰ্ষ বিষয়া আৰু অগ্নিনিৰ্বাপক বাহিনী সকল উপস্থিত আছে।
এতিয়ালৈ পোৱা বাতৰি অনুসৰি , এই ভয়ংকৰ দুৰ্ঘটনাটো দুজন লোক গুৰুতৰ ভাৱে আহত হয় আৰু আহত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু আন দুজন ৰে’লৰ ইঞ্জিনত আবদ্ধ হৈ আছে।