Local, Vocal, Global

নলবাৰীৰ হেলচাত প্ৰতিকুল বতৰে বিধি–পথালি দিলে প্ৰিয়ংকা ভৰালী আৰু কৃষ্ণমণি চুতীয়াৰ সংগীতানুষ্ঠানত…

ডিজিটেল ডেস্ক:- বিহুৰ বতৰত সকলোৰে মন উত্থান পতনৰ মাজতে নলবাৰীত ঘটিল অঘটন।তেজপুৰৰ থেচপিয়ানে অনুষ্ঠান পৰিৱেশন কৰি থাকোতে ঘটিল অঘটনটি।
প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে সাংস্কৃতিক অনুষ্ঠানৰ মুল মঞ্চ৷ হঠাৎ অহা ধুমুহা বৰষুণে ভাঙি লৈ গ’ল মঞ্চ৷ নলবাৰীৰ হেলচাত প্ৰতিকুল বতৰে বিধি–পথালি দিলে প্ৰিয়ংকা ভৰালী আৰু কৃষ্ণমণি চুতীয়াৰ সংগীতানুষ্ঠানত৷ তেজপুৰৰ থেচপিয়ানে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে আহিল প্ৰচণ্ড ধুমুহা–বৰষুণ। ধুমুহাই উৰুৱাই নিলে মঞ্চ।মুহূৰ্তৰ ভিতৰতে ধুমুহাই তচনচ কৰিলে বিহুৰ অনুষ্ঠান। হাহাকাৰ লাগে উপস্থিত দৰ্শকৰ মাজত। আনন্দমনে অনুষ্ঠান উপভোগ কৰি থকাৰ সময়তে হঠাৎ অহা ধুমুহা বৰষুণে ম্লান কৰিলে পৰিৱেশ।থেচপিয়ানৰ পিছতে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু কৃষ্ণমণি চুতীয়াৰ। কিন্তু অনুষ্ঠানত পৰিৱেশন কৰাৰ পূৰ্বেই আহিল ধুমুহা–বৰষুণ। নলবাৰী–বৰপেটা সীমান্তৰ হেলচাৰ ৰাইজে অনুষ্ঠিত কৰা ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহুৰ সামৰণি অনুষ্ঠানত ঘটিল এই অঘটন৷হেলচাৰ ৰাইজে অনুষ্ঠিত কৰা ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহুৰ সামৰণি অনুষ্ঠানত ঘটিল এই অঘটন৷ প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা এই অঘটনৰ বাবেই সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা বুলি জানিব পৰা গৈছে৷