Local, Vocal, Global

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দূৰ্ঘটনা, থিতাতে নিহত এজন

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দূৰ্ঘটনা। মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং দলঙৰ সমীপত বিয়লি এখন অট আৰু পালচাৰ বাইকৰ দূৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়।

মাৰ্ঘেৰিটাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে AR129138 নম্বৰৰ বাইকখনে মাৰ্ঘেৰিটাৰ পৰা ডিগবৈ অভিমুখে তীব্ৰ বেগেৰে একে দিশে গৈ থকা AS23G1585 নম্বৰৰ অটখন আগবাঢ়ি যাবলৈ চেষ্টা কৰে।

সেই সময়তে বাইকখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত অটখনৰ চালক বিক্ৰম ভট্টাচাৰ্য থিতাতে নিহত হয়। আনহাতে বাইক আৰোহীজন আঘাতপ্ৰাপ্ত হয়।

ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰোণত্তৰ পৰীক্ষা ব্যৱস্থা কৰাৰ লগতে বাইক খনৰ চালকৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে। সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। মাৰ্ঘেৰিটা বুঢ়ীদিহিং অ’ট সন্থাই সমগ্ৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।