Local, Vocal, Global

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত এজন !

ডিজিটেল ডেস্ক:- চতিয়াৰ খনাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় পথ দুৰ্ঘটনা ।চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ সমীপত দুখন মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।সংঘৰ্ষত থিতাতে নিহত এজন।

উল্লেখ্য যে,বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰৰ অভিমুখে গৈ থকা AS01HC8818নম্বৰ টাটা এ চি আৰু তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা AS26AC0246 মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত টাটা এ চি খনৰ চালক গৰাকী থিতাতে নিহত হয়।নিহত চালক গৰাকীৰ পৰিচয় বৰ্তমান‌ও জানিব পৰা হোৱা নাই৷
এই দুৰ্ঘটনা একমাত্ৰ চাৰিশৰনিয়া পথ নিৰ্মাণ কাৰি প্ৰতিষ্ঠান টি কে ইঞ্জিনিয়াৰিঙৰ ভুলৰ বাবে সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।