Local, Vocal, Global

বঙাইগাঁও জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা ;নিহত এজন…

ডিজিটেল ডেস্ক:- বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।মঙলবাৰে সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনা থিতাতে নিহত হয় এজন ট্ৰাক চালক।NL01 N 6289 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত থকা গছত খুন্দা মাৰে ।ফলত থিতাতে নিহত হয় ট্ৰাকখনৰ চালকজন।নিহত চালকজন দীপেন বৰ্মণ বুলিব জানিব পৰা গৈছে। ঘৰ পশ্চিম বংগৰ অলিপুৰত।দুৰ্ঘটনা গুৰুতৰভাৱে আহত হয় হেণ্ডিমেনজন।আহত লোকজনক ততাতৈয়াকৈ মাণিকপুৰৰ মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে।বৰপেটাৰ পৰা ভঙাইগাঁও অভিমুখে গৈ আছিল চিমেন্ট ভৰ্তি ট্ৰাকখন।ইতিমধ্যে নিহত চালকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ভঙাইগাঁওলৈ প্ৰেৰণ কৰিছে।