Local, Vocal, Global

অসমৰ মুখ্যমন্ত্ৰীৰ আচৰণত স্তম্ভিত প্ৰধানমন্ত্ৰী !মুখ্যমন্ত্ৰীৰ কোঠাত কি দেখিলে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে?

ডিজিটেল ডেস্ক:- সাম্প্ৰতিক সময়ত ৰাজনীতিকৰ বিলাসী জীৱন আৰু দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ অভিযোগৰ তথ্য প্ৰতিনিয়ত প্ৰকাশিত হব লাগিছে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত। অভিযোগো উঠিছে শত-সহস্ৰ। একেদৰে মন্ত্ৰী-বিধায়ক তথা চৰকাৰী আমোলা-বিষয়াৰ বিৰুদ্ধেও উত্থাপিত হয় দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ। তেওঁলোকৰ বিলাসী জীৱনে সাধাৰণ জনতাৰ কথাতো বাদেই খোদ দেশৰ প্ৰধানমন্ত্ৰীকো বহু সময়ত স্তম্ভিত অথবা বিব্ৰত কৰি তোলে। কিন্তু তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী সম্পৰ্কত শেহতীয়াকৈ জানিব পৰা হৈছে বহু বিস্ময়কৰ কথা। আনকি অসমৰ মুখ্যমন্ত্ৰীৰ এনে আচৰণ আৰু অকল্পনীয় জীৱন শৈলীয়ে স্তম্ভিত কৰি তোলে ভাৰতৰ দৰে এখন বিশাল গণতান্ত্ৰিক দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক। হঠাত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰিছিল এক আচৰিত দৃশ্য। আৰু তাৰ পিছতে স্তম্ভিত হৈ উঠিছিল দেশৰ প্ৰধানমন্ত্ৰী। কিন্তু কিয়। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত কি দেখিলে প্ৰধানমন্ত্ৰীয়ে। যি দৃশ্যই তেওঁক আচৰিত কৰাৰ লগতে আপ্লুতও কৰি তোলে। অন্য অৰ্থত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আন এক ভাৱমূৰ্তি স্বচক্ষে প্ৰত্যক্ষ কৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে। যি কথা হয়তো অসমৰ জনতাই আজি কল্পনাও কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীৰ কোঠাত কি দেখিছিল প্ৰধানমন্ত্ৰীয়ে।

ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিত আজিৰ তাৰিখত ক্ষমতাৰ দায়িত্ব আৰু জনপ্ৰিয়তা সৰ্বাধিক। ৰাজনীতিৰ লগতে ৰাজ্য এখনৰ আৰ্থ-সামাজিক জীৱনতো মুখ্যমন্ত্ৰীগৰাকী সদায়ে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। চৰকাৰী ক্ষমতায়ো অসীম। সেই অনুপাতে মুখ্যমন্ত্ৰীয়ে লাভ কৰে পৰ্যাপ্ত সা-সুবিধা। কিন্তু সেই সকলোবোৰ থকাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰীগৰাকী দেশৰ ভিতৰতে এক ব্যতিক্ৰমী ৰাজনীতিক হিচাপে পৰিচিত হৈছে কিয়।

হয়, অসীম ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষমতাৰ অধিকাৰী হোৱা স্বত্বেও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লোকস্বচক্ষুৰ আঁৰত যাপন কৰিব লাগিছে তেনে সাধাৰণ জীৱন। যি জীৱনৰ কথা হয়তো আজিৰ তাৰিখত দেশৰ সাধাৰণ নাগৰিকেও কল্পনা নকৰে। কিন্তু এই কথা দিনৰ পোহৰৰ দৰেই সত্য আৰু স্পষ্ট। আৰু সেইবাবেই মুখ্যমন্ত্ৰীগৰাকীৰ কোঠাত এখন সাধাৰণ টেবুল, এখন সাধাৰণ কাঠৰ বিচনা, এটা সৰু গাৰু, এখন সাধাৰণ আঁঠুৱা আৰু এটা কেৰাচিন তেলৰ ষ্টোভ দেখি স্তম্ভিত হৈ পৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। কেৱল সিমানেই নহয়, সাধাৰণ জনতাই নজনা আৰু বহু কথাও খোদ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেই জানি লয় মুখ্যমন্ত্ৰীগৰাকীৰ পৰা। সেই তথ্যই হয়তো অসমৰ ৰাইজকো হয়তো স্তম্ভিত কৰি তুলিব। মুখ্যমন্ত্ৰীগৰাকীয়ে সততে লগত লৈ ফুৰে এটা ছামৰাৰ বেগ। সেই ছামৰাৰ বেগটো প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰে মুখ্যমন্ত্ৰীৰ টেবুলত। কিন্তু মুখ্যমন্ত্ৰীগৰাকী ইমান অসাধাৰণ কিয়।

হয়, দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ স্তম্ভিত হৈ পৰা ঘটনাটো ঘটিছিল ১৯৭৭ত। সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল প্ৰয়াত গান্ধীবাদী নেতা মোৰাৰজী দেশাই। আৰু অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল প্ৰয়াত জননেতা শৰত চন্দ্ৰ সিংহ। মোৰৰজী দেশাই এবাৰ গুৱাহাটীলৈ আহোতে মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ দেখিছিল এই দৃশ্য। আৰু সেই দৃশ্যই তেওঁক বহু আচৰিত কৰি তুলিছিল। অৱশ্যে পিছত শৰত চন্দ্ৰ সিংহৰ অন্য বহু কথায়ো আপ্লুত কৰিছিল দেশৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক। উল্লেখ্য যে শৰত চন্দ্ৰ সিংহ কেৱল অসমৰ মুখ্যমন্ত্ৰীয়েই নাছিল, তেওঁ পাঁচবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। আৰু ১৯৭১ৰ ৩১ ডিচেম্বৰৰ পৰা ১৯৭৮ৰ ১২ মাৰ্চলৈ মুঠ ৬ বছৰ দুমাহ ১২ দিন অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছিল। তেওঁ একেৰাহে ৩ বছৰ অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ পদতো অধিষ্ঠিত আছিল। অইল ইণ্ডিয়াৰ অধ্যক্ষ হৈ থকা অৱস্থাতো তেওঁ চাইকেল চলাই কাৰ্যালয়লৈ অহা-যোৱা কৰিছিল। আজিৰ তাৰিখত অইল ইণ্ডিয়াৰ অধ্যক্ষই প্ৰতিমাহত প্ৰায় ২০ লক্ষ টকা ব্যয় কৰে। ১৯৭৯ৰ পৰা ১৯৮৫লৈ অসমত বিদেশী নাগৰিক বহিষ্কৰণৰ দাবীত সৰ্বাত্মক আন্দোলন হৈছিল। এই আন্দোলনত প্ৰাণ আহুতি দিছিল ৮৫৫জন অসমীয়া যুৱকে। কিন্তু পৰৱৰ্তী সময়ত আন্দোলনকাৰীৰ নেতৃত্বত গঠন হোৱা অগপ চৰকাৰে কেইজন বিদেশী নাগৰিকক বহিষ্কাৰ কৰিলে সেয়া আজিও স্পষ্ট নহল। কিন্তু শৰত চন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত ৯৯,৫৮০জন বিদেশী নাগৰিকক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰা হৈছিল। ১৯৭১ৰ পৰা ১৯৭৮ৰ সময়ছোৱাত অবিভক্ত গোৱালপাৰা জিলাৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম আছিল বঙালী। কিন্তু শৰত চন্দ্ৰ সিংহই অধিসূচনা জাৰি কৰি অবিভক্ত গোৱালপাৰা জিলাত শিক্ষাৰ মাধ্যম অসমীয়া কৰিছিল। কেৱল সিমানেই নহয়, অসমৰ জাতীয় জীৱনৰ বাবে এইগৰাকী প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়াই যোৱা অনবদ্য বৰঙণিৰ কথা আজিও গৌৰৱেৰে সোঁৱৰে ৰাজ্যবাসীয়ে। অৱশ্যে তেওঁৰ আদৰ্শ আৰু সহজ-সৰল জীৱনৰ বহু তথ্য আজিও অপ্ৰকাশিত হৈ আছে।