Local, Vocal, Global

Dead body recovered : ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ১৪আগষ্ট : ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । ৰঙিয়াত ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ । বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ(Dead body recovered)।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।ৰাজ্যত চোৰ ,ডকাইটি , হত্যা ,অপহৰণ , ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আহিছে(Dead body recovered in Rangia)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।

এইবাৰ ৰঙিয়াত উৱলি যোৱা মৃতদেহ উদ্ধাৰ । ৰঙিয়া নগৰৰ ৪ নং ৱাৰ্ডৰ শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাৰ কোঠাত উদ্ধাৰ হৈছে মৃতদেহ দুটা । উদ্ধাৰ হোৱা মৃতদেহ দুটা মাতৃ কন্য়াৰ বুলি জানিব পৰা গৈছে ।

মৃত দুগৰাকী কণিকা আগৰৱালা আৰু নিশা আগৰৱালা ওৰফে পিনু বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে, মৃত কণিকা আগৰৱাল ৰঙিয়া ইউক্লিড গ্ৰুপ অফ প্ৰতিষ্ঠানৰ ছাত্ৰী । মৃতদেহ দুটাৰ কাষত তেজৰ ছিকা ডোঙা বান্ধি থকা পৰিলক্ষিত হৈছে ৷

এই ঘটনাৰ পোহৰলৈ অহাৰ পিছতে এতিয়াই আত্মীয়ই এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ।স্থানীয় লোকৰ ভাষ্য অনুসৰি, বিগত কেইবাদিন ধৰি ওচৰ চুবুৰীয়াই মাতৃ-কন্যাক নেদেখি স্বামীক সোধিছিল যদিও স্বামীয়ে তেওঁ পত্নী আৰু কন্যা অসুস্থ হৈ থকা বুলিও কৈছিল আৰু উৱলি যোৱা মৃতদহ দুটাৰ লগতে বসবাস কৰি আছিল স্বামী । জানিব পৰা মতে স্বামীৰ নাম প্ৰবীণ আগৰৱালা ।

খবৰ অনুসৰি এই ঘটনাৰ পোহৰলৈ অহাৰ পিছতে স্বামী প্ৰবীণ আগৰৱালাই সোমবাৰে পুৱাৰ ভাগত পূজা কৰি নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন খুলি সন্ধানহীন হৈ আছে প্ৰবীণ আগৰৱালা ।

আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । সম্প্ৰতি এই ঘটনাক হত্যাকাণ্ড বুলি সন্দেহ কৰে স্থানীয় লোকে ।

প্ৰকৃততে এয়া পৰিকল্পিত হত্যা নে আন কিবা এতিয়ালৈকৈ জানিব পৰা হোৱা নাই ।প্ৰকৃততে এই ঘটনা কিয় সংঘটিত হয় সেয় বিষয়ে এতিয়াও অস্পষ্ট । আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে তৰঙিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক :Deadbody recovered in Lakhimpur : লখিমপুৰৰ কাকৈ নৈত উদ্ধাৰ এজন লোকৰ মৃতদেহ, হত্যাৰ অভিযোগ পৰিয়ালৰ