Local, Vocal, Global

Char Dham Yatra suspended in Uttarakhand : উত্তৰাখণ্ডত বৰষুণে লৈছে বিধ্বংসী ৰূপ

নেশ্যনেল ডেস্ক, ১৪আগষ্ট : উত্তৰাখণ্ডত প্ৰকৃতিয়ে লৈছে বিধ্বংসী ৰূপ । উত্তৰাখণ্ডত হৈ থকা ধাৰাবাহিক বৰষুণে এতিয়াই যেন বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিছে(Char Dham Yatra suspended in Uttarakhand) ।

উত্তৰাখণ্ডত হৈ থকা ধাৰাসাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ১৪আগষ্ট আৰু ১৬আগষ্টত চাৰ ধাম যাত্ৰা বন্ধ ৰাখিছে । লগতে প্ৰশাসনে বিষয়াসকলক নিৰ্দেশ দিছে যে, চাৰধাম তীৰ্থযাত্ৰীসকলৰ বাবে উপযুক্ত স্থানত অস্থায়ী ব্যৱস্থা কৰিবলৈ ।

ধাৰাষাৰ বৰষুণে কেদাৰনাথ ধামত এক ধ্বংসলীলাৰ সৃষ্টি কৰিছে ।উত্তৰাখণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত পিছত এজন ব্যৱসায়ী সন্ধানহীন হয় আৰু আন এজন নেপালী লোকৰ মৃত্যু হৈছে(Char Dham Yatra suspended in Uttarakhand red alert issued as rains wreak havoc) ।

সমান্তৰালকৈ ধাৰাষাৰ বৰষুণৰ ফলত ৰুদ্ৰপ্ৰয়াগ জিলাত অলকানন্দা আৰু মন্দাকিনী নদী পানীৰে উপচি পৰিছে । দুয়োখন নদীৰ পানী বিপদসীমাৰ পাৰ কৰে । কেদাৰনাথৰ পথচাৰী পথৰ ছানি কেম্প আৰু বাদি লিনচোলিত দেওবাৰে নিশা অহা ধাৰাসাৰ বৰষুণৰ ফলত নলাবোৰ পানীৰে উপচি পৰে । যাৰ ফলত বহুতো ঘৰ আৰু দোকানত ধ্বংসাৱশেষবোৰ সোমাই পৰে ।
ইফালে ধাৰাষাৰ বৰষুণৰ ফলত তম্বুৰ ভিতৰত শুই থকা এটা পৰিয়ালৰ ওপৰত শিল খহি পৰি পৰে । এই ভয়ংকৰ ঘটনাত তিনিজন লোকক সাহায্যকাৰী দলে সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু এই ঘটনাস্থলীৰ পৰা এজন নেপালী লোকৰ মৃত্যুদেহ উদ্ধাৰ কৰে । ইয়াৰ উপৰি এই ঘটনাত সন্ধানহীন হয় এজন ব্যৱসায়ী(Heavy rain wreaks havoc in Uttarakhand Himachal Pradesh)।

এই ঘটনা সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে কয় যে, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কেদাৰনাথ যাত্ৰা বন্ধ কৰি দিছে । পথচাৰীৰ পথবোৰ বন্ধ হৈ পৰিছে বহু ঠাইত । সেইবোৰ খোলাৰ চেষ্টা কৰা হৈছে । আনহাতে, ৰুদ্ৰপ্ৰয়াগ জিলাত অলকানন্দা আৰু মন্দাকিনী নদী পানীৰে উপচি পৰিছে । ৰুদ্ৰপ্ৰয়াগত অলকানন্দা নদীৰ পানী ঘৰত প্ৰৱেশ কৰিছে । বেলানিৰ হনুমান মন্দিৰও পানীৰে ভৰি পৰিছে ।

ইফালে মন্দাকিনী নদীৰ পানীয়ে কেদাৰনাথ ঘাইপথকে ধৰি আন বহুতো পথ বুৰাই পেলাইছে। ৰুদ্ৰপ্ৰয়াগত অলকানন্দা নদীৰ পাৰত অৱস্থিত হনুমান মন্দিৰত পানী সোমোৱাত মন্দিৰত ৰখা সামগ্ৰীবোৰ উটি যায় । লগতে হনুমান মন্দিৰ মূৰ্তিটোও ধ্বংসাৱশেষত সোমাই পৰে।

সোমবাৰে পুৱা প্ৰায় ৪ বজাত হনুমান মন্দিৰত পানী দেখি থকা সাধু আৰু দৰ্শকে আতংকিত হৈ পৰে । লগে লগে স্থানীয় লোকসকলক খবৰ দিয়া হয় । স্থানীয় লোকসকলে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ হনুমানৰ মূৰ্তিটো সুৰক্ষিত স্থানলৈ লৈ যায় ।

আনহাতে, মন্দাকিনী নদী পানীৰে ওফন্দি উঠাৰ ফলত কেদাৰনাথ ঘাইপথকে ধৰি আন বহুতো পথ নদীৰ সোঁতে উটুৱাই যায় । বৰ্তমানেও অব্যাহত আছে বৰষুণৰ তাণ্ডৱ ।

জানিব পৰা মতে, অলকানন্দাৰ পানীৰ স্তৰ ৬২৮.৮০ আৰু মন্দাকিনীৰ পানীৰ স্তৰ ৬২৭.৮০ । দুয়োখন নদীৰ পানী বিপদসীমাৰ ওপৰেৰে পাৰ হৈছে । ইফালে বৰষুণৰ ফলত বিপদৰ সন্মুখীন হোৱা পৰিয়ালবোৰক সুৰক্ষিত স্থানলৈ স্থানান্তলৈ প্ৰেৰণ কৰা হৈছে । ইফালে মদমহেশ্বৰ ধামক সংযোগ কৰা নদীৰ দলং এন পানীয়ে উটুৱাই লৈ যায় । ফলত অঞ্চলটোৰ সংযোগবিহীন হৈ পৰে । প্ৰাপ্ত তথ্য় অনুসৰি , তাত শতাধিক তীৰ্থযাত্ৰী আৱদ্ধ হৈ আছে ।

লগতে পঢ়ক :Maui wildfires: অব্যাহত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাই দ্বীপৰ বনজুইৰ তাণ্ডৱ