Local, Vocal, Global

TET teacher found dead in khanapara: মহানগৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ শিক্ষকৰ মৃতদেহ

গুৱাহাটী, ১১আগষ্ট : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ । মহানগৰীৰ খানাপাৰাত ৰহস্যজনক উদ্ধাৰ হ’ল মৃতদেহ। মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি খানাপাৰাত । এজোপা গছত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো (TET teacher found dead in khanapara)।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।ৰাজ্যত চোৰ ,ডকাইটি , হত্যা ,অপহৰণ , ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আহিছে(Dead body recovered in Guwahati)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।

উল্লেখ্য যে, বুধবাৰে দিনৰ ভাগত বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছিল নিতেশ কুমাৰ নামৰ এজন ছাত্ৰৰ ৰক্তাক্ত অৱস্থাত থকা মৃতদেহ ৷ বৰসজাই মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ নিতেশ কুমাৰৰ ঘৰ বেলতলাৰ বনগাঁৱত। নিতেশক স্কুটাৰত উঠাই বোন্দালৈ নিছিল অভিষেকে। তাৰ পিছতে নিতেশৰ পৰিয়ালক দাবী কৰিছিল ৭ লাখ টকা । এই সন্দৰ্ভত নিতেশৰ পিতৃ ৰাজেশ কুমাৰে দাখিল কৰিছিল এজাহাৰ(Tea Shopkeeper killed a Student in Guwahati)।তাৰ পিছতে বুধবাৰে দুপৰীয়া উদ্ধাৰ হৈছিল নিতেশৰ মৃতদেহ। হত্যা কৰি জংঘলত পেলাই দিছিল নিতেশক । মৃতদেহৰ ওপৰত জাপি দিয়া হৈছিল গছৰ পাত । তাৰ পিছতে পোহৰলৈ আহিছিল এক ভয়ংকৰ হত্য়াকাণ্ডৰ ঘটনাৰ ।

এইবাৰ খানাপাৰাত উদ্ধাৰ মৃতদেহ । শুকুৰবাৰে চিপ লৈ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈ মৃতদেহটো ।উল্লখ্য যে বৃহস্পতিবাৰে নিশাই মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্য়ক্ষ কৰে আৰু ঘটনা সন্দৰ্ভত শুকুবাৰে আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে ঘটনাস্থলীয় উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।প্ৰথম অৱস্থাত মৃতদেহটো চিনাক্ত কৰিব পৰা নাছিলে যদিও পৰৱৰ্তি সময়ত আৰক্ষীয়ে চিনাক্ত কৰে মৃতদেহটো(TET teacher found dead in khanapara)।

জানিব পৰা মতে, চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো এজন শিক্ষকৰ ।শিক্ষকজন টেট শিক্ষকৰ বুলি জানিব পৰা গৈছে আৰু ২০১৬ চনত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল ।মৃত শিক্ষকজন নাম প্রণৱ মিলি আৰু তেওঁ বৰ্তমান ধুবুৰীত কৰ্মৰত আছিলে বুলি জানিব পৰা গৈছে((Dead body recovered in Guwahati ) ।

যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি ওলমি থৈ যোৱাৰ সন্দেহ কৰা হৈছে। কিন্তু এয়া হত্য়া নে আত্মহত্য়া সেয়া নিশ্চিত হোৱা নাই । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । এই ঘটনাক লৈ এতিয়াই সৃষ্টি হৈছে ৰহস্যৰ।

লগতে পঢ়ক : Dead body recovered: ৰাজ্যত পুনৰ উদ্ধাৰ মৃতদেহ