Local, Vocal, Global

Amit Shah On Manipur Violence: গৃহমন্ত্ৰীৰ মণিপুৰৰ ওপৰত বক্তব্যৰ সন্দৰ্ভত মণিপুৰৰ বিজেপিৰ বিধায়ক ৰাজকুমাৰ ইম’ সিঙৰ টুইট

নেশ্যনেল ডেস্ক ,১১আগষ্ট : অৱশেষত বৃহস্পতিবাৰে মণিপুৰ সন্দৰ্ভত সদনত মুখ খুলিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে ।হত্যা-হিংসাই জৰ্জৰিত হৈ থকা মণিপুৰৰ তিনিমাহ উকলি যোৱাৰ পাছত সদনত মুখ খুলিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সদনত প্ৰধানমন্ত্ৰীয়ে কয় যে, মণিপুৰৰ লগত সমগ্ৰ দেশ আছে ।

প্ৰধানমন্ত্ৰীৰ ভাষণৰ পিছতে মণিপুৰৰ বিজেপিৰ বিধায়ক ৰাজকুমাৰ ইম’ সিঙে সামাজিক মাধ্যমত মণিপুৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে সদনত আগবঢ়োৱা বক্তব্য টুইটাৰযোগে উল্লেখ কৰে(Statement by the Home Minister in Parliament) ৷ বিধায়ক ৰাজকুমাৰ ইম’ সিঙে কয়, ‘‘সংসদত গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যত, তেওঁ হিংসাত্মত মণিপুৰৰ সংঘাত সন্দৰ্ভত অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক কথা দাখিল কৰে ।লগতে কয় , মণিপুৰবাসীৰ সাধাৰণ মতামতৰ ওপৰত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে গৃহমন্ত্ৰীগৰাকীয়ে ।’’

লগতে সদনত গৃহমন্ত্ৰীগৰাকীয়ে মণিপুৰত জনগাঁথনিৰ কোনো পৰিৱৰ্তন নহ’ব বুলি কৰা বক্তব্য বিজেপি বিধায়কগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে । গৃহমন্ত্ৰীগৰাকীয়ে মণিপুৰত ঘটা হিংসাত্মক ঘটনাক মানি লৈ ম্যানমাৰৰ পৰা ৰাজ্যখনলৈ অনুপ্ৰৱেশ হৈছে আৰু অবৈধ প্ৰব্ৰজনকাৰীসকলক পৰীক্ষা কৰাটো প্ৰয়োজনীয় বুলি কয় লগতে সকলো অবৈধ প্ৰব্ৰজনকাৰীসকলৰ বায়’মেট্ৰিকৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে( Amit Shah On Manipur Violence) ।

বিজেপি বিধায়ক ৰাজকুমাৰ ইম’ সিঙে কয় যে, ম্যানমাৰৰ পৰা কুকিৰ আগমনৰ কাৰণ হৈছে সামৰিক জুন্টাৰ দমন । কেন্দ্ৰীয় চৰকাৰে উক্ত সীমান্তৰ নিৰীক্ষণ আৰম্ভ কৰিছে আৰু সীমান্তত বেৰ দি সুৰক্ষা প্ৰদান কৰিব । ভাৰত চৰকাৰে ম্যানমাৰ চৰকাৰৰ সৈতে এই ম্যানমাৰৰ পৰা শৰণাৰ্থীৰ আগমনৰ সন্দৰ্ভত ম্যানমাৰ চৰকাৰৰ সৈতে আলোচনা আৰম্ভ কৰিছে ।

লগতে বিজেপিৰ বিধায়ক গৰাকীয়ে সামাজিকভাৱে প্ৰকাশ কৰে যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত সহযোগিতা কৰি আহিছে । ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত থকালৈকে ৰাজ্যত কোনোধৰণৰ পৰিৱৰ্তন নহয় বুলি সামাজিকভাৱে উল্লেখ কৰে ।

লগতে পঢ়ক :PM Modi no-confidence motion speech : সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ,এতিয়ালৈ মণিপুৰ প্ৰসংগত এটাও শব্দ উল্লেখ কৰা নাই প্ৰধানমন্ত্ৰীয়ে