Local, Vocal, Global

Dead body recovered in Goreswar : গোৰেশ্বৰ ঔবাৰীৰ দেউচুঙা নৈত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক,৭আগষ্ট : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।

এইবাৰ গোৰেশ্বৰ ঔবাৰীৰ দেউচুঙা নৈত উদ্ধাৰ মৃতদেহ ।উদ্ধাৰ হোৱা মৃত দেহটো বাঙালীপাৰাৰ ৮৬ বছৰীয়া তেজ বাহাদুৰ দৰ্জী বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে, বুধবাৰে পুৱা স্থানীয় লোকে দেউচুঙা নৈত মৃত দেহ এটা উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় লোকে পৰিয়াল তথা শুৱাগপুৰ-গোৰেশ্বৰ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে(Dead body recovered in Goreswar) ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি , মৃত ব্যক্তিগৰাকী মংগলবাৰে নিশা প্ৰায় ১০ মান বজাত শোৱাপাটীৰ পৰাই নিৰুদ্দেশ হয়। নিশা শৌচ প্ৰস্ৰাৱ কৰিবলৈ যোৱাত ঘৰৰ ওচৰৰে বৈ যোৱা দেউচুঙা নৈত উঠি অহাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়ক : ECI Announces Rajya Sabha Elections for 12 Vacant Seats on September 3 : ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণা;অসমসহ দেশৰ ৯ খন ৰাজ্যৰ ১২ খন আখনৰ বাবে হ’ব ৰাজ্যসভাৰ নিৰ্বাচন