Local, Vocal, Global

Guwahati Traffic Police Issue Advisory on Road Usage Amid Heavy Rainfall : মহানগৰীত হোৱা কৃত্ৰিম বানৰ বাবে মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে সতৰ্কবাণী

নিউজ ডেস্ক,৭আগষ্ট : পুনৰ এজাক বৰষুণৰ পিছতে মহানগৰীৰ প্ৰান্তে প্ৰান্তে বান । আজি বিয়লি অহা এজাক বৰষুণে পুনৰ বুৰাই পেলালে মহানগৰীৰ বিভিন্ন প্ৰান্ত।

গুৱাহাটীৰ হাতীগাঁও, জুৰিপাৰ(পাঞ্জাবাৰী), ৰুক্মিণীগাঁও আদি অঞ্চলত পৰিছে কৃত্ৰিম বানৰ কৱলত(Guwahati Traffic Police Issue Advisory on Road Usage Amid Heavy Rainfall)।

মহানগৰীত হোৱা কৃত্ৰিম বানৰ বাবে সতৰ্ক কৰি দিলে মহানগৰ আৰক্ষীয়ে।

ৰুক্মিণীগাঁও, PIBCO পইণ্ট, জুৰিপাৰ(পাঞ্জাবাৰী), ছাৰ্ভে-বেলতলা ৰোড, জু ৰোড, হাতীগাঁও ৰোড, SFS স্কুল, (সাতগাঁও), GNB ৰোড, বৰিপাৰা, বৰাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ, চানমাৰী, কমাৰ্চ কলেজ পইণ্টত বানৰ বাবে যাতায়তকাৰী সকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।

ইফালে মহানগৰীত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে গুৱাহাটীবাসীলৈ মুখ্যমন্ত্ৰীয়ে জনালে বিশেষ আহ্বান। মহানগৰবাসীক ভিতৰতে থকাৰ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে অপ্ৰয়োজনত যান-বাহন ব্যৱহাৰ নকৰাৰ বাবেও আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক : Dead body recovered in Goreswar : গোৰেশ্বৰ ঔবাৰীৰ দেউচুঙা নৈত উদ্ধাৰ মৃতদেহ