Watch | Darrang Youth Congress Stages Protest in Mangaldoi After Attack on MP Rakibul Hussain: সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ পাছতেই মঙ্গলদৈত দৰং জিলা যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
গুৱাহাটী: ২০ ফেব্ৰুৱাৰীত নগাঁও জিলাত ধুবুৰীৰ সাংসদ ৰাকিবুল হুছেইন, তেওঁৰ পুত্ৰ আৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ ওপৰত শেহতীয়াকৈ হোৱা আক্ৰমণৰ প্ৰতিবাদত মঙ্গলদৈত দৰং জিলা যুৱ কংগ্ৰেছে প্ৰতিবাদি কাৰ্যসূচী সাব্যস্ত কৰে ।অসম যুৱ কংগ্ৰেছৰ সদস্যসকলে সাংসদ ৰাকিবুল হুছেইনৰ ন্যায়ৰ দাবীত যুৱ কংগ্ৰেছৰ শ শ সদস্য ৰাজপথলৈ ওলাই আহিছিল।
আৰু মঙ্গলদৈত দৰং জিলা যুৱ কংগ্ৰেছৰ সমিতিয়ে ‘বিজেপি চৰকাৰ Go back-‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা Go back’-আৰু ‘অসম আৰক্ষী Go back’ৰ দৰে বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তুলে। অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ দৰং জিলা সভাপতি আব্দুল্লাহ শ্বেইখে কয়, “আৰক্ষীয়ে অপৰাধীসকলৰ যত্ন লৈছে নেকি?অসমত হিটলাৰী শাসন চলাইছে ?বিজেপিৰ গুন্ডাবাহিনীয়ে ৰাজহুৱা স্থানত,আটাইতকৈ বেছি ভোটত জয়ী হোৱা সাংসদজনকেই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে আৰু অতি শীঘ্ৰেই দোষীক শাস্তি সাব্যস্ত নকৰিলে ইয়াত কৈ ভয়াৱহ বুলি হুংকাৰ দৰং জিলা যুৱ কংগ্ৰেছৰ সভাপতি আব্দুল্লাহ শ্বেইখৰ।