নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা!

ডিজিটেল ডেস্ক:- নুমলীগড়ত পথ দুৰ্ঘটনা।নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওপাহাৰৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ পে’ট্ৰল আৰু ডিজেল ভৰ্তি টেংকাৰ বাগৰি পৰে পথৰ কাষৰ দ-খাৱৈত ৷কথমপি ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে টেংকাৰখন ৷ দুৰ্ঘটনাগ্রস্ত টেংকাৰখনৰ নম্বৰ এন এল-০১-এ ডি-০৮২৭। নুমলীগড় শোধনাগাৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা পথত শোধনাগাৰৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ গৈয়ে বাগৰি পৰে বাহনখন৷
অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে । পথটোত যথেষ্ট যান-যঁটৰ সৃষ্টি হয় ৷ অৱশ্যে ইতিমধ্যে ঘটনা স্থলীত নুমলীগড় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ টেংকাৰখন উঠাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।