Local, Vocal, Global

দলগাঁৱত দুমাহৰ পিছত কবৰৰ খান্দি উলিয়ালে সমাধিস্থ লোকৰ মৃতদেহ

দলগাঁৱৰ ২নং শিয়ালমাৰী গাঁৱত দুমাহ পিছত কবৰৰ খান্দি উলিয়ালে সমাধিস্থ লোকৰ মৃতদেহ। এটা হত্যাৰ গোচৰৰ তদন্তৰ অনুসন্ধানত দৰঙৰ দলগাঁও আৰক্ষীয়ে সমাধিস্থ লোকৰ মৃতদেহ কবৰ খান্দি উলিয়াই। উল্লেখ্য যে হাৰন আলী নামৰ ৫০ বছৰীয়া ব্যক্তি এজন নিৰুদ্দেশ হৈছিল যদিও পৰৱৰ্তী সময়ত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰৰ হৈছিল। ব্যক্তিজনৰ পুত্ৰই মৃত লোকজনক কোনাৱাই হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। কিন্তু গাঁৱৰ একাংশ ৰাইজৰ বুজনিত হাৰন আলী মৃত্যুক সাধাৰণ মৃত্যু বুলি ভাবি ঘৰৰ ওচৰতে কবৰ দিছিল৷

ঘটনাৰ দুমাহ পিছত হাৰন আলীক হত্যা কৰা হৈছিল বুলি সন্দেহ কৰি পুত্ৰ নজৰুলে ১২ ছেপ্তেম্বৰত দলগাঁও থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে ৪৬৩/২০ নম্বৰৰ গোচৰৰ ভিত্তিত ঘটনাটোৰ তদন্ত আৰম্ভ কৰে৷ এই সন্দৰ্ভত ব্যক্তিজনক হত্যাৰ সন্দেহত আৰক্ষীয়ে গাঁওখনৰ ছৰবত আলী নামৰ এজনক আটক কৰাৰ পিছত ছৰবতৰ স্বীকাৰোক্তিত আৰু জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে দণ্ডাধীশ শৰৎ গগৈৰ নেতৃত্বত দলগাঁও থানাৰ আৰক্ষীৰ দলে কবৰৰ পৰা খান্দি গেলি পচি যোৱা মৃতদেহটো উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ হত্যাকাণ্ডৰ সৈতে জড়িত মুল আচামী হানিফ আলী নামৰ সৈতে আন কেইবাজনো পলাতক হৈ আছে৷ ঘটনাটো কেন্দ্ৰ কৰি গাঁওখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷