জুৰীয়াত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

- জুৰীয়াত বনৰীয়া হাতীৰ কৰুণ মৃত্যু
- লাওখোৱা অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীটো
- বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰে দুৰ্ভগীয়া হাতীটো
- জুৰীয়াৰ গংগাৰাম ঘাটৰ সমীপত সংঘটিত এই শোকাৱহ ঘটনা
- হাতীটো ১১ হাজাৰ ভল্টৰ বিদ্যুৎপৰিবাহী তাঁৰত লাগি মৃত্যু হয়
- বিদ্যুৎস্পৃষ্ট হৈ হাতীটো সমীপৰ এটা পুখুৰীত পৰি যায়
- কিছু সময় ছটফটাই থাকি হাতীটোৰ মৃত্যুমুখত পৰে
- প্ৰায় ৭ জনীয়া এটা হাতীৰ দল অভয়াৰণ্যখনৰ পৰা ওলাই আহিছিল খাদ্যৰ সন্ধানত
- নগাঁও জিলাৰ বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবেই হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ
- ১১হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী আওপুৰণি তাঁৰ তললৈ ওলমি আছিল
- কিন্তু দীৰ্ঘদিন ধৰি বিদ্যুৎ বিভাগে মেৰামতি নকৰাৰ অভিযোগ উঠিছে