Local, Vocal, Global

Daily Horoscope for 27th may : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ : আজি আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে শিথিলতা অনুভৱ হ’ব। আপুনি অধিক পৰিশ্ৰমৰ পিছতো সফলতা লাভ নকৰিব। কামৰ হেঁচাত পৰিয়ালৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব। চৰকাৰী কামত সফলতা আহিব।

বৃষ : আজি আপুনি আত্মবিশ্বাসেৰে কাম কৰিবলৈ সক্ষম হ’ব। আপুনি আশা কৰা কামৰ ফল পাব। আজি আপুনি আপোনাৰ ঘৰৰ পৰা ভাল খবৰ পাব। শিক্ষাৰ্থীসকলে অনুশীলনৰ প্ৰতি আগ্ৰহী হ’ব।

মিথুন : আজি আপোনাৰ চৰকাৰৰ পৰা লাভালাভ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰত আপুনি বিষয়াসকলৰ পৰা ভাল সঁহাৰি পাব। বন্ধুবৰ্গ, ঘনিষ্ঠ বা চুবুৰীয়াৰ সৈতে পুৰণি বিবাদৰ ক্ষেত্ৰত ইতিবাচক ফলাফল আহিব।

কৰ্কট : আজি আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে আপুনি অসুস্থ হৈ থাকিব। মনত দুখ আৰু অসন্তুষ্টিৰ অনুভৱ থাকিব পাৰে। চকুৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশ অনুকূল নহ’ব।অনৈতিক প্ৰৱণতাৰ পৰা আঁতৰি থাকিব। টকা অধিক খৰচ হ’ব।

সিংহ : আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব। যিকোনো কাম কৰিবলৈ খৰখেদা কৰাৰ ফলত লোকচান হ’ব পাৰে। সামাজিক সন্মান বৃদ্ধি হ’ব। আপোনাৰ স্বাস্থ্যৰ যত্ন লওক।

কন্যা : আজি যাতে কাজিয়া নহয় তাৰ প্ৰতি গুৰুত্ব দিয়ক। শাৰীৰিকভাৱে শিথিলতা আৰু মানসিকভাৱে উদ্বেগ থাকিব। বন্ধু আৰু আত্মীয়সকলৰ সৈতে আদৰ্শগত বিবাদ হ’ব পাৰে। আপোনাৰ স্বাস্থ্যৰ যত্ন লওক। আকস্মিকভাৱে ধন ব্যয় হ’ব পাৰে।

তুলা : আজিৰ দিনটো আপোনাৰ বাবে এটা শুভ দিন। বিভিন্ন ক্ষেত্ৰত লাভালাভে আপোনাৰ সুখ বৃদ্ধি কৰিব। আপোনাৰ উপাৰ্জনো বৃদ্ধি হ’ব। অবিবাহিত লোকসকলে জীৱনসংগী পোৱাৰ সম্ভাৱনা আছে।

বৃশ্চিক: আজি আপোনাৰ ব্যৱসায়িক স্থানৰ পৰিৱেশ অনুকূল হ’ব। কামত সফলতা পোৱাটো সহজ হ’ব। চাকৰিত পদোন্নতি হ’ব।

ধনু :আজি আপোনাৰ স্বাস্থ্যৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত বহুতো বাধা থাকিব পাৰে।যিকোনো কাম সাৱধানে কৰক।

মকৰ : খোৱা–লোৱাৰ যত্ন ল’ব। খং পৰিহাৰ কৰিব। ইতিবাচকতাৰ সৈতে নেতিবাচক আৱেগ আঁতৰাবলৈ চেষ্টা কৰক।

কুম্ভ : আজি আপুনি প্ৰতিটো কাম আত্মবিশ্বাসেৰে সম্পূৰ্ণ কৰিব। পৰ্যটনৰ সম্ভাৱনা অধিক। বাহনৰ সুখ পাব।

মীন : আজি আপোনাৰ বাবে এটা শুভ দিন। আপোনাৰ মনোবল আৰু আত্মবিশ্বাস অধিক হ’ব। শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব। কথা-বতৰাত সংযম ৰাখক।