Local, Vocal, Global

Daily Horoscope for 22th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপুনি শত্ৰুৰ পৰা সাৱধান থাকক। নিজৰ কথা-বতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক । খং পৰিহাৰ কৰক । ভ্ৰমণ এৰাই চলক ৷

বৃষ ৰাশি: আজি দিনটো আপোনাৰ বাবে অনুকূল । শাৰীৰিক অৱস্থা উত্তম থকাৰ লগতে মানসিক অৱস্থাও উত্তম হৈ থাকিব । বন্ধু আৰু পৰিয়ালৰ সৈতে যথেষ্ট সময় কটাব ।

মিথুন ৰাশি: আজিৰ আপোনাৰ ঘৰৰ পৰিৱেশ শান্ত আৰু আনন্দপূৰ্ণ হৈ থাকিব । আজি আপুনি সুস্থ-সবল হৈ থাকিব ।কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰে। আৰ্থিক লাভৰ সুযোগ।

কৰ্কট ৰাশি: সতৰ্ক হৈ থাকক । শাৰীৰিক আৰু মানসিক অৱস্থাৰ অৱনতি ঘটিব পাৰে । পেটৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে । ভ্ৰমণ এৰাই চলক ।
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি অনুকূল দিন । শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব । পৰিয়ালৰ লোকৰ সৈতে তৰ্ক-বিতৰ্ক হোৱাৰ আশংকা ।

কন্যা ৰাশি: কোনো কাম হাতত লোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰিব । বন্ধুসকলৰ সৈতে আনন্দপূৰ্ণ সময় কটাব পাৰে । আজি আপুনি অত্যধিক আৱেগিক হৈ থাকিব ।

তুলা ৰাশি: আজি আপুনি নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক । সহকৰ্মীসকলৰ সৈতে স্বাভাৱিক সম্পৰ্ক বৰ্তাই ৰাখক ৷ আৰ্থিক লাভৰ যোগ ৷ স্বাস্থ্যৰ যত্ন লওক ৷

বৃশ্চিক ৰাশি: আজি আপোনাৰ শৰীৰ-মন তজবজীয়া হৈ থাকিব । পৰিয়ালৰ সৈতে সময় কটালে আনন্দ লাভ কৰিব ।সুসংবাদ পাব পাৰে । ভ্ৰমণ সুখদায়ক হ’ব ।

ধনু ৰাশি: আজি আপুনি সতৰ্ক হৈ থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ ভুল বুজাবুজি হ’ব পাৰে । ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷

মকৰ ৰাশি: আপুনি সামাজিক কৰ্মৰ দ্বাৰা লাভান্বিত হ’ব । তদুপৰি অন্যান্য আৰু বহুতো ক্ষেত্ৰৰ পৰাও আপুনি লাভবান হ’ব ।

কুম্ভ ৰাশি: আজি আপোনাৰ বাবে এটা অনুকূল দিন । কৰ্মক্ষেত্ৰত পৰিৱেশ ভালেই থাকিব ৷ সাংসাৰিক জীৱনো আনন্দেৰে পৰিপূৰ্ণ হ’ব ।

মীন ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে শুভ দিন । কিন্তু নিজৰ সন্তানক লৈ চিন্তাত থাকিব পাৰে । ব্যয় বৃদ্ধি হ’ব পাৰে । বিতৰ্কৰ পৰা আঁতৰি থাকক ৷

লগতে পঢ়ক :International Yoga Day 2023 : আন্তৰ্জাতিক যোগ দিৱসৰ নৱম সংস্কৰণত বিশ্বজুৰি কোটি কোটি লোকৰ ব্যাপক অংশগ্ৰহণ