Local, Vocal, Global

Man Elephant conflict : কামপুৰত বন্যহস্তীৰ তাণ্ডৱ

কামপুৰ, ২২জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ কামপুৰত হাতী মানুহৰ সংঘাত। কামপুৰ নগৰৰ মাজমজিয়াত বন্যহস্তীৰ আতংক ।বন্যহস্তীৰ তাণ্ডৱত শংকিত হৈ পৰিছে অঞ্চলবাসী ( Man Elephant confli in kampur)। বৃহস্পতি পুৱাই এটা প্ৰকাণ্ড হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰে কামপুৰৰ ৰাস পথাৰৰ লোহাৰ গেট, স্বৰাজ ভৱনৰৰ লোহাৰ গেট।ক্ষতি সাধন কৰে কেইবাখনো বাহন।

উল্লেখ্য যে,বন্যহস্তীৰ আক্ৰমণত আহত হয় দুজনকৈ লোক । বন্যহস্তীৰ আক্ৰমণত আহত ব্যক্তিৰ দুজন কালামুদ্দিন আৰু হেনাৰাণী ঘোষ বুলি জানিব পৰা গৈছে। দুয়োৰে অৱস্থা সংকটজনত। দুয়োকে সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। ইফালে বন্যহস্তীৰ আক্ৰমণতে মৃত্যু হৈছে এটা পশুধনৰ।

প্ৰাপ্ত তথ্য অনুসৰি পৰিস্থিতি ইমানে ভয়াৱহ হৈছে যে, বন্যহস্তীৰ আতংকৰ বাবেই বন্ধ কৰিবলৈ বাধ্য হৈছে শিক্ষানুষ্ঠান। দুখনকৈ শিক্ষানুষ্ঠান বন্ধ কৰা হৈছে বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

এনেধৰণৰ পৰিস্থিতিৰ কিয় সৃষ্টি হৈছে ? কাৰণ যদিহে এনে ধৰণৰ ঘটনা ভৱিষ্যতে সংঘটিত হৈয়ে থাকে, তেতিয়াহ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ব।

লগতে পঢ়ক : Flyover Collapsed in Hyderabad : নিৰ্মাণৰ অৱস্থাতে খহিল উৰণীয়া সেতু, ৮ জন শ্ৰমিকৰ অৱস্থা সংকটজনক