Local, Vocal, Global

Flyover Collapsed in Hyderabad : নিৰ্মাণৰ অৱস্থাতে খহিল উৰণীয়া সেতু, ৮ জন শ্ৰমিকৰ অৱস্থা সংকটজনক

নেশ্যনেল ডেস্ক, ২১ জুন : নিৰ্মাণ কাৰ্যত সংঘটিত হোৱা দুৰ্নীতি আৰু নিম্নমানৰ কামত গাফিলতিৰ চৰম পৰিণতি। নিৰ্মাণৰত অৱস্থাতে খহি পৰিল উৰণীয়া সেতু। পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হোৱা এই ঘটনাত আহত হৈছে ৯ জনকৈ শ্ৰমিক। হায়দৰাবাদত সংঘটিত হৈছে এক শোকাৱহ ঘটনা (Flyover Collapsed in Hyderabad) । হায়দৰাবাদৰ এলবি নগৰত এখন নিৰ্মীয়মাণ উৰণীয়া সেঁতু বুধবাৰে পুৱতিনিশা হঠাতে খহি পৰে । এই দুৰ্ঘটনাৰ ফলত নিৰ্মাণকাৰ্যত জড়িত ৮ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় (8 Injured After Flyover Slab Collapses In Hyderabad)।

পুৱা প্ৰায় ৩ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ সময়ত দুৰ্ঘটনাটোত ভুক্তভোগী কিছু শ্ৰমিক গভীৰ টোপনিত আছিল । যাৰ বাবে তেওঁলোকে দুৰ্ঘটনাটোৰ কোনো উমঘামেই নাপালে ।

উল্লেখ্য, হায়দৰাবাদৰ সাগৰ ৰিং ৰোডৰ চাৰিআলিত অৱস্থিত এই উৰণ সেঁতুখন ।প্ৰাপ্ত তথ্য অনুসৰি, আঘাতপ্ৰাপ্ত ব্যক্তিসকল সেঁতুখনৰ নিৰ্মাণ শ্ৰমিক (Under-construction flyover slab collapses) । তেওঁলোক বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে । ইফালে ঘটনাটোৰ খবৰ কৰ্তৃপক্ষই লাভ কৰাৰ পিছতে উদ্ধাৰকাৰী দলক ততাতৈয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় ।

তেওঁলোকে ভুক্তভোগীসকলক উদ্ধাৰ কৰিবলৈ আৰু জৰুৰীকালীন চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে দ্ৰুততাৰে কাম কৰে । এলবি নগৰৰ বিধায়ক সুধীৰ ৰেড্ডী আৰু জিএইচএমচি প্ৰকল্পৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাস্থলী নিৰীক্ষণ কৰে ।

প্ৰাৰম্ভিক তথ্য অনুসৰি, আহত শ্ৰমিকসকলৰ চাৰিজনৰ অৱস্থা বৰ্তমান সংকটজনক । যাৰ ফলত ঘটনাটোৰ ওপৰত উদ্বেগ বৃদ্ধি পাইছে । অৱশ্যে নিৰ্মাণৰত উৰণীয়া সেঁতুখন কি কাৰণত ভাঙি পৰিল তাৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ।

ঘটনা সন্দৰ্ভত বিভাগীয় আৰু প্ৰশাসনীয় তদন্ত আৰম্ভ কৰা হৈছে । আৰক্ষী অধীক্ষক শ্ৰীধৰ ৰেড্ডীৰ ভাষ্য অনুসৰি উৰণীয়া সেতুখনৰ এটা খুঁটাৰ পৰা আন এটা খুঁটালৈ যিসমূহ শ্লেব স্থাপন কৰা হৈছিল সেইসমূহ স্থাপন কৰোঁতে অধিক ভাৰাসাম্য ৰক্ষা কৰাৰ বাবে যি সুৰক্ষামূলক ব্যৱস্থা ল’ব লাগিছিল সেইসমূহ লোৱা নাছিল । সেইবাবেই অত্যাধিক ভৰ সহিব নোৱাৰি খহি পৰে।

লগতে তেওঁ আহতসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ ৰোহিত নামৰ শ্ৰমিকজনৰ অৱস্থা অতি সংকটজনক বুলিও প্ৰকাশ কৰিছে। স্মৰ্তব্য যে, এই ঘটনা হায়দৰাবাদৰ সাগৰ ৰিং ৰোড চাৰিআলিত আজি পুৱতি নিশা প্ৰায় ৩-১০ বজাত সংঘটিত হৈছে।

লগতে পঢ়ক : Road Accident : শোকাৱহ পথ দুৰ্ঘটনা