Local, Vocal, Global

Daily Horoscope for 20th August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপোনাৰ পইচাৰ অভাৱ হ’ব পাৰে আৰু বন্ধুৰ পৰা পইচা ঋণ ল’ব পৰা অৱস্থা আহিব পাৰে। আজি আপোনাৰ বাবে ভাল দিন হিচাপে পৰিগণিত হ’ব। আপুনি যেন ভাগ্যৱান যি এই অনুভৱ অনুভূতি লাভ কৰিব। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে ,যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই কথা ভাবোতে নষ্ট কৰিব পাৰে। যদি আপুনি কিবা খেলত পাৰ্গত হয় তেন্তে আপুনি সেইটো খেল খেলি থকাটো আপোনাৰ বাবে আজি বহুত ভাল(Daily Horoscope) ।

বৃষ ৰাশি : আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন ল’বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। যিসকল লোকে জুৱাত নিজৰ পইচা লগাইছিল সিঁহতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোয়ে আপোনাৰ বাবে শ্ৰেয়। আপোনাৰ সমস্যা সমূহ অতি গুৰুত্বপূৰ্ণ হব ,কিন্তু ওচৰে পাজৰে থকা লোকসমূহ আপোনাৰ মনৰ দুখ বুজি নাপাব । সিহঁতৰ এনেকুৱা অনুভৱ হ’ব পাৰে যে সিহঁতৰ এইবোৰ বিষয়ত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধৰ অপেক্ষা কৰক।প্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব। আজি আপোনাক ঘৰৰ সমস্যাই চিন্তিত কৰি তুলিব পাৰে।

মিথুন ৰাশি : আজি আপুনি অলপ কামৰ পৰা অব্যাহতি লৈ আৰাম কৰক আৰু এনেকুৱা কাম কৰক যি কৰি আপুনি ভাল পায়। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল’ব পাৰে যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠ ই আৰ্থিক সহায় আগবঢ়াব পাৰে। বন্ধু আৰু পাৰিবাৰিক মিত্ৰ আপোনাৰ উৎসাহ বঢ়াব। আজি আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। যিসকল লোক কামত ব্যস্ত আছিল সিঁহত আজি সময় পাব পাৰে কিন্তু ঘৰত কাম এটা আহি যোৱা বাবে আপুনি আকৌ ব্যস্ত হৈ পৰিব পাৰে। যেতিয়া আপুনি জীৱন সংগীৰ লগত ভাৱনাত্মক দিশেদি জড়িত হব ,তেতিয়া আত্মীয়তা নিজে নিজে অনুভৱ হ’ব।

কৰ্কট ৰাশি : আপুনি যিমান পাৰে সোনকালে নিজৰ অনুভূতি সমূহক নিয়ন্ত্ৰণ কৰক আৰু ভয়ৰ পৰা যিমান পাৰে সোনকালে পৰিত্ৰাণ পাব বাবে চেষ্টা কৰক কাৰণ এই অসুবিধা সমূহে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সুস্থ শাৰীৰিক অৱস্থাক উপভোগ কৰাৰ পৰা বিৰত থাকিব পাৰে। আজি আপোনাৰ পৰা কোনোবাই আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহতঁৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে। যি সকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ , সিহঁতক কিছুমান কথা বুজোৱাত আপুনি অধিক জটিলতাৰ সন্মুখীন হব পাৰে।

সিংহ ৰাশি : বাহিৰৰ গতিবিধিয়ে আপোনাক বহুত ভাগৰুৱা আৰু অশান্তৰ সৃষ্টি কৰিব পাৰে। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। পাৰিবাৰিক সমাৰোহত নতুন বন্ধু পাব পাৰে। অৱশ্যে বন্ধু চিনাক্ত হোৱাত সাৱধান হওক। ভাল বন্ধু বিচৰা লুকাই থোৱা ধনতকৈ অধিক কঠিন,যি সদায় আপোনাৰ লগত সকলো সময়তে থাকিব। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। জীৱনৰ আনন্দ ল’ব বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে।যদি আপুনি সমাজৰ পৰা দুৰ হৈ থাকে তেনেতে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব। ছাত্ৰই নিজৰ দুৰ্বল বিষয় লৈ শিক্ষকৰ কাষ চাপিব পাৰে আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়ৰ জটিলতা বুজি পোৱাত সহায় হ’ব।

কন্যা ৰাশি : আজি আপুনি নিজৰ খোৱা-বোৱাৰ ওপৰত বিশেষ ধ্য়ান দিয়ক । বিশেষকৈ মাইগ্ৰেনৰ ভুক্তভোগী সকল সময়ত খোৱা বোৱা কৰক । আপোনাৰ কোনোবা ঘনিষ্ঠ জন আজি মানসিক স্থিতি বেলেগ ৰূপত থাকিব আৰু তেখেতেক বুজি পোৱাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিব । কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হব পাৰে আৰু সমস্যাৰ সন্মূখীন হ’ব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ’ব আৰু বিশ্ৰাম কৰক। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হ’ব পাৰে। আজি আপোনাৰ ধন বঢ়াৰ সম্ভাৱনা আছে ।

তুলা ৰাশি : আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাৰ অনুভৱ হ’ব আৰু আপুনিও আজি ফুৰ্তিত থাকিব। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিছু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । দৈনিন্দিন বস্তু কিনা-মেলাক লৈ জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি আপোনাৰ বন্ধুৰ বাবে কোনোব ডাঙৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে।

বৃশ্চিক ৰাশি : বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তিৰে আজিৰ দিনটো আপোনাৰ পাৰ হ’ব । আপোনাৰ আজি আৰ্থিক লাভ হ’ব পাৰে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। আজিৰ দিনটো বেলেগৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ পৰা আপুনি আশান্তি পাব।

ধনু ৰাশি : আজি আপোনাৰ পৰা কোনোবাই পইচাৰ ধাৰলৈ বিচাৰিব পাৰে , আপুনি সিঁহতক পইচা ধাৰলৈ দিলে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে।আজি আপোনাৰ পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বৰ বোজা বাঢ়িব ,যি আপোনাক অশান্তি দিব পাৰে। আজি আপুনি বহুত ৰোমাঞ্চিত অনুভৱ কৰিব ,কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হব। নিজৰ সন্তানক আজি সময়ৰ সদব্যৱহাৰ কৰিবলৈ উপদেশ দিয়ক । আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয় !

মকৰ ৰাশি : মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনাখন অন্যৰ কথাত গুৰুত্ব নিদিব। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যাৰ অনুভৱ কৰিব। আজি আপোনাৰ জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে দিনটোত কিন্তু সন্ধিয়াই সকলো ভুল বুজাবুজি ভাল হৈ যাব।

কুম্ভ ৰাশি : নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ’ব । আজি আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোছাক এযোৰ ল’ব পাৰে।আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব।

মীন ৰাশি : আজি আপুনি নিজকে ভাল আৰু আত্মবিশ্ৱাসী কৰি গঢ়ি তুলিব পাৰিব।আজি আপুনি ঘৰৰ মানুহৰ লগত সময় অতিবাহিত কৰিলে সুখী অনুভৱ কৰিব। আজি আপুনি কোনোবা ঘনিষ্ঠৰ ঘৰত সময় অতিবাহিত কৰিব যাব পাৰে এই সময়ত আপুনি তেখেতৰ কথাত বেয়া পাব পাৰে।আজি আপুনি বন্ধুৰ লগত এক অসাধাৰণ সন্ধিয়া অতিবাহিত কৰিব পাৰিব ।