জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন খেৰাক গ্ৰেপ্তাৰ;দিল্লীৰ বিমানবন্দৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনক…

ডিজিটেল ডেস্কঃ-:কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ। এ আই চি চিৰ সংবাদ কোষৰ অধ্য়ক্ষ পৱন খেড়াক আজি দিল্লীৰ পৰা ৰায়পুৰত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ অধিৱেশনলৈ যোৱাৰ পূৰ্বেই তেওঁক বিমান বন্দৰত অসম আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে।
এতিয়া দিল্লীৰ এখন আদালতত হাজিৰ কৰোৱা হ’ব কংগ্ৰেছ নেতাজনক। আদালতত হাজিৰ কৰোৱাৰ পিছত কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক ট্ৰানজিত ৰিমাণ্ডত অসমলৈ অনা হ’ব।
কংগ্ৰেছে বৃহস্পতিবাৰে অভিযোগ কৰিছিল যে পৱন খেৰাক ৰায়পুৰ অভিমুখী বিমানৰ পৰা নমা দিয়া হয়। দলৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেতে প্ৰশ্ন কৰিছে যে কিহৰ ভিত্তিত খেৰাক নমাই দিয়া হ’ল আৰু দেশত আইন বুলি কিবা আছেনে নাই। ইণ্ডিগ’ বিমানৰ পৰা নমাই দিয়া হৈছিল খেৰাক।
সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিতৃক লৈ সংবাদ মেলত বিৰূপ মন্তব্য কৰিছিল খেৰাই। ইয়াকে লৈ পৱন খেৰাৰ বিৰুদ্ধে অসমৰ ১৫খন জিলাত ১৫টা গোচৰ ৰুজু হৈছিল। দিল্লী আৰক্ষীৰ ফালৰ পৰা এই সন্দৰ্ভত বিবৃতি জাৰি কৰা হৈছে।
এএনআইৰ মতে, দিল্লী আৰক্ষীয়ে কয় যে কংগ্ৰেছ নেতা পৱন খেৰাক দিল্লী বিমানবন্দৰত বিমানত উঠাত বাধা প্ৰদান কৰা হৈছিল, কিয়নো অসম আৰক্ষীয়ে তেওঁক বাধা দিবলৈ অনুৰোধ কৰিছিল। বিমান বন্দৰত পৱন খেড়াক গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ সৈতে আছিল কংগ্ৰেছৰ নেতা কনদ্বীপ সূৰ্যাৱালা,সুপ্ৰীতি শ্ৰীলেট,জ্যেষ্ঠ নেতা কে চি বেণুগোপাল আদি।
ডিমা হাছাও জিলাৰ হাফলং থানাত কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। অসমৰ আৰক্ষী মহাপৰিদৰ্শক (আইন শৃংখলা) তথা আৰক্ষীৰ মুখপাত্ৰ প্ৰশান্ত কুমাৰ ভূঞাই কয়, ‘পৱন খেৰাক ৰিমাণ্ডত লোৱাৰ বাবে অসম আৰক্ষীৰ এটা দল দিল্লীলৈ ৰাওনা হৈছে। আমি দিল্লী আৰক্ষীক পৱন খেৰাক গ্ৰেপ্তাৰৰ বাবে অনুৰোধ কৰিছিলো। স্থানীয় আদালতৰ অনুমতি লোৱাৰ পিছত তেওঁক অসমলৈ অনা হ’ব।’
বিমান বন্দৰত প্ৰতিবাদত লিপ্ত হোৱা কংগ্ৰেছ নেতাসকলে দাবী কৰিছে যে পৱন খেড়াক ইণ্ডিদো বিমান পৰা নমাই দিয়া হৈছে। ইফালে পৱম খেড়াক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত অসম আৰক্ষীৰ আই জি পি এল এণ্ড অ’ প্ৰশান্ত কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত কয়, আমি দিল্লী আৰক্ষীক পৱন খেড়াক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছো। স্থানীয় আদালতৰ অনুমতি পোৱাৰ পিছতে তেওঁক অসমলৈ নিয়া হ’ব।
আনহাতে পৱন খেড়াক গ্ৰেপ্তাৰ কৰাৰ লগে লগে কংগ্ৰেছে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কংগ্ৰেছে অভিযোগ কৰি কৈছে যে, ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ অধিৱেশনক বিজেপিয়ে লক্ষ্য কৰি লৈছে। এই সন্মিলন বন্ধ কৰিবলৈ বিজেপিয়ে অপচেষ্টা চলোৱাৰো অভিযোগ কংগ্ৰেছৰ।