Local, Vocal, Global

কামপুৰ আৰক্ষী থানাত ৰহস্য জনক ঘটনা

ডিজিটেল ডেস্ক:- কামপুৰ আৰক্ষী থানাত ৰহস্য জনক ঘটনা ৷ আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে মৃত্যু এজন লোকৰ ৷ মৃত্যু হোৱা লোকজন কামপুৰ ৰে’ল কলনিৰ মতি প্ৰসাদ বৰা৷ পত্নীক দাৰে আক্ৰমণ কৰাৰ বাবে লোকজনক আটক কৰিছিল কামপুৰ আৰক্ষীয়ে৷ নিশা আৰক্ষী জিম্মাত থকা অৱস্থাত থানাৰ ভিতৰতে ধলি পৰিছিল লোক জন৷ ততাতৈয়াকৈ লোকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ লোকজনৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা নাই ৷ আৰক্ষীয়ে লোকজনক মাৰপিট কৰাৰ অভিযোগ পৰিয়ালৰলোকৰ৷