Local, Vocal, Global

কলকাতাৰ চেণ্ডেলৰ লেবেল প্ৰস্তুত কৰা ইউনিটত ভয়ংকৰ অগ্নিকাণ্ড…

ডিজিটেল ডেস্ক:- কলকাতাৰ তিলজালা অঞ্চলৰ এটা প্ৰিণ্টিং কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড ।বৃহস্পতিবাৰে পুৱা কলকাতাস্থিত চেণ্ডেলৰ লেবেল প্ৰস্তুত কৰা এটা ইউনিটত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত পিতৃ-পুত্ৰৰ মৃত্যু হোৱাৰ লগতে পৰিয়ালৰ আন এজন সদস্য গুৰুতৰভাৱে আহত হয়।মঙলবাৰে এটা কাঠৰ গুদামত জুই লগাৰ মাত্ৰ দুদিন পিছত সংঘটিত হৈছে আন এটা অগ্নিকাণ্ডৰ ঘটনা।অগ্নিকাণ্ড মৃত্যু হোৱা দুজন মহম্মদ জছিম আৰু মহম্মদ আমিৰ বুলি চিনাক্ত কৰা হৈছে।

তথ্য অনুসৰি,মহম্মদ জছিমে তেওঁৰ দুই পুত্ৰৰ সৈতে বুধবাৰে নিশা তেওঁলোকৰ কাম শেষ কৰাৰ পিছত জোতা প্ৰিণ্টিং কাৰখানাত টোপনি গৈছিল। আৰু তেতিয়াই এই ভয়ংকৰ ঘটনাৰ সংঘটিত হয়।
স্থানীয় লোকসকলে প্ৰিণ্টিং কাৰখানাৰ পৰা ক’লা ধোঁৱা ওলাৱা পৰিলক্ষিত কৰিছিল, যাৰ পিছত ততাতৈয়াকৈ তেওঁলোকে জুই নুমুৱাইছিল। পৰৱৰ্তী সময়ত, অগ্নি নিৰ্বাপক বিভাগক অৱগত কৰা হৈছিল।

এজন স্থানীয় বাসিন্দাই কয় যে, “তেওঁৰ (মহম্মদ জছিম) সৰু পুত্ৰ কেনেবাকৈ কাৰখানাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল, কিন্তু বাকী দুজন ভিতৰলৈ আৱদ্ধ হৈ পৰিছিল আৰু জ্বলি মৃত্যুমুখত পৰিছিল।”ইফালে, ঘটনাস্থলীত ৪খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় আৰু দীঘলীয়া য়ময়ৰ পিছত জুই নিয়ন্ত্ৰণলৈ লৈ যায়। আৰক্ষীয়ে দগ্ধ মৃতদেহবোৰ উদ্ধাৰ কৰে আৰু তেওঁলোকক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত চলি আছে।
টোপছিয়া ফাৰ্ষ্ট লেনত অৱস্থিত ইউনিটটোত পুৱা প্ৰায় ৭.২০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। জুই নিৰ্বাপন কৰিবলৈ চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ দুঘণ্টাৰো অধিক সময় লাগিছিল বুলি আৰক্ষীয়ে জনায়।আৰক্ষী বিষয়াগৰাকীৰ মতে, আহত ব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।তেওঁ কয়, ‘আমাৰ ফৰেনছিক দলে অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে। পিতৃ আৰু পুত্ৰই চেণ্ডেলৰ লেবেল ছপা কৰা ইউনিটত কাম কৰি আছিল। ইউনিটটোত জ্বলনশীল সামগ্ৰী ৰখা হৈছিল’।