Local, Vocal, Global

শিক্ষকৰ ৰূপত বৰপেটাৰ উপায়ুক্ত আয়ুস গাৰ্গ

ডিজিটেল ডেস্ক:- এইবাৰ শিক্ষকৰ ৰূপত বৰপেটাৰ উপায়ুক্ত আয়ুস গাৰ্গ।দক্ষিণ বৰপেটাৰ বিভিন্ন এলেকাত নিজে বাইক চলাই বুজ লয় চৰকাৰী কাম কাজৰ অগ্ৰগতিৰ।পৰিদৰ্শন কৰে অঞ্চলটোৰ কেবাখন চৰাকাৰী অনুষ্ঠান প্ৰতিষ্ঠান।বুধবাৰে জিলা উপায়ুক্ত গৰাকীয়ে দক্ষিণ বৰপেটাৰ খোলাবান্ধা অঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠান, স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কেবাটাও এম জি এনৰেগা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামৰ অগ্ৰগতিৰ বুজ লয়।পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীক খোলাবান্ধা হাইস্কুলৰ শ্ৰেণীকোঠাত দেখা গল শিক্ষকৰ ৰূপত।বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক কিছু সময় পাঠদান কৰাৰ লগতে মত বিনিময় কৰে লগতে শিক্ষক সকলোক সময়মতে বিদ্যালয়ত উপস্থিত হ’বলৈও নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত আয়ুস গাৰ্গে।উল্লেখ্য যে, উপায়ুক্ত গৰাকীয়ে ভূটভূটি নৌকাৰে ব্ৰক্ষ্মপুত্ৰ নদী পাৰ হৈ তেওঁ পৰিদৰ্শন কৰা এলেকা সমুহ নিজেই বাইক চলাই পৰিদৰ্শন কৰে।