Local, Vocal, Global

Adhir Ranjan Chowdhury : বিজেপি দলক তীব্ৰ সমালোচনা কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধাৰীৰ

নেশ্যনেল ডেস্ক, ১০ আগষ্ট : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত চৰকাৰৰ পক্ষ দাখিল কৰি বিৰোধীয়ে মোডী চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা অনাস্থা প্ৰস্তাৱক লৈ বিৰোধীক তীব্ৰ আক্ৰমণ কৰে। লোকসভাত বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱৰ সন্দর্ভত প্রায় দুঘণ্টা ধৰি সংসদত ভাষণ দিয়ে শ্বাহে ৷ অৱশ্যে শ্বাহৰ ভাষণৰ পিছত কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে মাত্ৰ দুটা শাৰীত শ্বাহৰ ভাষণৰ প্ৰতি সঁহাৰি জনায় প্ৰত্যুত্তৰ দিয়ে ।

লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বিৰোধীক সমালোচনা কৰাৰ পিছতে কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধাৰীয়ে মন্তব্য কৰিলে(Congress MP Adhir Ranjan Chowdhury) ৷

মণিপুৰ হিংসাক লৈ বিৰোধীয়ে ৰাজনীতি কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তোলা অভিযোগৰ প্ৰত্যুত্তৰ দি বিজেপি দলক তীব্ৰ সমালোচনা কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধাৰীৰ ৷ সাংবাদিকৰ আগত সাংসদগৰাকীয়ে কয় যে, কংগ্ৰেছে নহয়, বিজেপিয়েহে সংকলো বিষয়কতে ৰাজনীতি কৰে ৷ 26/11 ৰ মুম্বাই আক্ৰমণৰ সময়ত নৰেন্দ্ৰ মোদী মুম্বাইলৈ আহি সংবাদমেল সম্বোধন কৰিছিল ৷

ৰাহুল গান্ধীয়ে মণিপুৰত গৈ কোনো সংবাদমেল পতা নাই ৷ তাৰোপৰি ৰাজ্যপালক সাক্ষাতৰ পাছত সাংবাদিকৰ দলে আগুৰি ধৰিছিল যদিও মাত্ৰ কেইটামান কথাহে তেওঁ ক’লে(Home Minister warns against politics on Manipur) ৷ এন ডি এ আৰু বিজেপিয়ে সকলোতে ৰাজনীতি কৰে, আমি নহয় ৷’’ চৌধাৰীয়ে কয় ৷

বুধবাৰে লোকসভাৰ সংসদত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে মণিপুৰৰ বিষয়টোক লৈ ৰাজনীতি কৰাতো লজ্জাজনক ৷ মণিপুৰত হিংসাৰ জুই জ্বলিছে, এনেকুৱা হিংসাত্মক ঘটনাক কোনেও সমৰ্থন নকৰে ৷ ইয়াক লৈ ৰাজনীতি কৰাতো লজ্জাৰ বিষয় ৷ শ্বাহে বিৰোধী পক্ষক মণিপুৰ সন্দৰ্ভত আলোচনাত মিলিত নোহোৱাৰ বাবেও সমালোচনা কৰে ৷

গৃহমন্ত্ৰীৰ অমিত শ্বাহে প্ৰশ্ন উত্থাপন কৰে যে মণিপুৰত ইবোবি নেতৃত্বাধীন চৰকাৰৰ অধীনত দুহেজাৰ লোক নিহত হোৱাৰ সময়ত কংগ্ৰেছে কি কৰিছিল ? অমিত শ্বাহে নিম্ন সদনত কয় যে মণিপুৰ হিংসাৰ আৰম্ভণিৰে পৰা মই ইয়াক সমাধানৰ বাবে আলোচনাত বহিবলৈ সাজু হৈ আছিলোঁ ৷ কিন্তু বিৰোধীয়ে আলোচনা বিচৰা নাছিল ৷ যদি তেওঁলোক মোৰ দৃষ্টিভংগীৰ সৈতে একমত নহয়, তেন্তে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ মতামত দাবী কৰিব পাৰিলে হেতেন ৷ কিন্তু বিৰোধী আলোচনাৰ বাবে মুঠেও সাজু নাছিল ৷’

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মণিপুৰত কিহৰ বাবে হিংসাত্মক ঘটনা সংঘটিত হ’ল আৰু ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দর্ভতো বিতং প্ৰত্যুত্তৰ দিয়ে ৷ তেওঁ মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ক আলোচনাত মিলিত হ’বলৈ আহ্বান জনায় আৰু কয় যে হিংসাৰে কোনো সমস্যাৰ সমাধান নহয় । ‘‘আপোনালোকক আশ্বাস দিছো যে আমি ৰাজ্যত শান্তি কঢ়িয়াই আনিম । এই বিষয়ত ৰাজনীতি কৰা উচিত নহয় ।’’

লগতে পঢ়ক : No-confidence motion in Lok Sabha : সদনৰ ভাষণত ৰাহুল গান্ধীয়ে কঠোৰভাৱে আক্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক