৮ বছৰৰ পিছত শিখৰ ধাৱান আৰু আয়েশা মুখাৰ্জীৰ বিবাহ বিচ্ছেদ
৮ বছৰৰ পিছত শিখৰ ধাৱান আৰু আয়েশা মুখাৰ্জীৰ বিবাহ বিচ্ছেদ ।
ইনষ্টাগ্ৰাম যোগে এই বাতৰি শ্বেয়াৰ কৰিছিল আয়েশা মুখাৰ্জীয়ে ।
বিবাহৰ আঠ বছৰৰ পিছত বিবাহ বিচ্ছেদ হৈছে ভাৰতৰ ক্ৰিকেটাৰ শিখৰ ধাৱান আৰু আয়েশা মুখাৰ্জীৰ । মঙ্গল বাৰে এটা ইনষ্টাগ্ৰাম পোষ্টত আয়েশা মুখাৰ্জীয়ে কয় যে তেওঁ এতিয়া দুবাৰকৈ বিবাহ বিচ্ছেদ হোৱা ব্যক্তি । ২০১২ চনত দুয়োগৰাকী য়ে বিবাহ পাশত আবদ্ধ হৈছিল আৰু জোৰাভা তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান । আয়েশা মুখাৰ্জী পেছাত এগৰাকী অপেছাদাৰী বক্সাৰ আছিল । lPL ২০২১ পুনৰ আৰম্ভ হোৱাৰ আগতে যিহেতু COVID-19 মহামাৰীৰ বাবে বন্ধ হৈ আছিল গতিকে ধাৱান বৰ্তমান দিল্লী ৰাজধানীৰ সৈতে সংযুক্ত আৰৱ আমিৰাত আছে ।
সীমিত অভাৰ ফৰ্মেটৰ বাবেই কেইবা বছৰো ধৰি ভাৰতৰ এক গুৰুত্বপূৰ্ণ খেলুৱৈ হৈ পৰিছে ধাৱান । ২০১০ চনত বাঁওহাতৰ খেলুৱৈ জনে এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল । ভাৰতৰ হৈ প্ৰথম খন টেষ্ট খেলিছিল ২০১৩ চনত । ধাৱানে ভাৰতৰ হৈ ৩৪ খন টেষ্ট, ১৪৫ খন এদিনীয়া আৰু ৬৮ T20I খেলিছে । শ্ৰীলংকাভ্ৰমণৰ সময়ত ভাৰতৰ এটা যুৱ দলৰ অধিনায়কত্ব কৰিছিল ৩৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ।