Local, Vocal, Global

এইবাৰ বিলাসী গাড়ীত ছাগলী চুৰ ! তাৰপিছত……

 

বাগসা জিলাৰ গোৰেশ্বৰত ছাগলী চোৰৰ উপদ্ৰৱ।

দিন দুপৰতে বিলাসী গাড়ী লৈ ছাগলী চোৰ কৰিবলৈ অহা ছাৰি গফাইত চোৰক আটক কৰি উত্তম মধ্যম দিয়ে স্থানীয় লোকে। লোকৰ চকুত ধুলি দি বিলাসী গাড়ী লৈ ফুৰা চোৰৰ দল এটাক কৰায়ত্ত কৰি গোৰেশ্বৰ আৰক্ষীক গতাই মুকন্দপুৰৰ ৰাইজে।

AS01U-4699 নম্বৰ এল্ট গাড়ীলৈ আহিছিল চোৰ কেইটা। গোৰেশ্বৰ মুকণ্ডপুৰত  গাড়ীত ছাগলী ভৰাই থকাৰ সময়তে প্ৰত্যেক্ষ কৰে স্থানীয় ৰাইজে।

 

মহৰিপাৰাৰ পৰা গোৰেশ্বৰ অভিমুখে আহি থকা ৱেগনাৰ বাহন খন মুকন্দপুৰত  ৰখাই  গাড়ীত ভৰাই লৈছিল ছাগলী দুটা।

 

তাৰ পিছতে এজন লোকে দেখি হুৱা-দুৱা লগাই আৰু চোৰ কেইটাক  ধৰিবলৈ সক্ষম হয়।

 

স্থানীয় ৰাইজে গোৰেশ্বৰ আৰক্ষীক খবৰ দিয়ে আৰু চোৰ কেইটাক উত্তম মধ্যম দি আৰক্ষীক চমজাই দিয়ে।

 

জানিব পৰা মতে চোৰ কেইটা গুৱাহাটী বিৰুৱাৰীৰ ৰাজেন ৰাজভান( ৩৬),  গুৱাহাটী বিৰোবাৰী

চানু সিংহ  (৩১), গোৰেশ্বৰ বেটাগাওঁ আকাশ বৰ্মন (২৫) আৰু গোৰেশ্বৰ বেটাগাওঁৰ মনমোহন বৰ্মন (৫২) । ইতিমধ্যে গোৰেশ্বৰ থানাত এখন এজাহাৰ দাখিল কৰিছে গৃহস্থই।