Local, Vocal, Global

এগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগীৰ আত্মহত্যা

ডুমডুমাৰ সমীপৰ গুৰুকুল স্কুলত থকা অস্থায়ী ক’ভিড কেয়াৰ চেন্টাৰত অঘটন । এগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগীৰ আত্মহত্যা ।

 

আত্মহত্যা কৰা ক’ভিড-১৯ পজিটিভ ৰোগীৰগৰাকী ৰূপাই প্ৰভাত চাহ বাগিছাৰ হাৰামনি বৰ্মন (৪০) বুলি জানিব পৰা গৈছে । ২৬ জুলাই তাৰিখে মহিলাগৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছিল ।

আত্মহত্যা কৰা মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে ।

 

জানিব পৰা মতে, মহিলাগৰাকীয়ে ক’ভিড কেয়াৰ চেন্টাৰৰ ওপৰৰ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছে ।