হায়! মানৱতা…
দেশজুৰি মহামাৰী কভিড ১৯ৰ প্ৰভাৱৰ লগতে অব্যাহত আছে লকডাউন ।এই লকডাউনৰ সময়ছোৱাতে মধ্যপ্ৰদেশৰ এখন চিকিৎসালয়ৰ কৰ্মকাণ্ডই চৰ্চাৰ সৃষ্টি কৰিছে ৰাজ্যখনত। সচাৰচৰ টেলিভিছন ধাৰাবাহিক বা বোলছবি সমূহত দেখিবলৈ পোৱাৰ দৰেই এক অ-মানৱীয় ঘটনা সংঘটিত হল মধ্যপ্ৰদেশত । মধ্যপ্ৰদেশৰ ছাজপুৰ জিলাৰ ৮০ বৰ্ষীয় এগৰাকী বৃদ্ধ ব্যক্তিক বিছনাৰ লগতে হাতে ভৰিয়ে বান্ধি থলে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে । ৰোগীগৰাকীৰ পৰিয়ালে চিকিৎসালয়ত দিবলগীয়া হোৱা ধন জমা দিব নোৱাৰাৰ বাবেই এই কাৰ্য সংঘটিত কৰে কৰ্তৃপক্ষই । পেটৰ অসুখত ভূগি থকা ৮০ বৰ্ষীয় লক্ষীনাৰায়ন ডাংগীক প্ৰায় এসপ্তাহ পূৰ্বে ভৰ্ত্তি কৰোৱাইছিল চিকিৎসালয়খনত । চিকিৎসালয়ত ভৰ্ত্তি হোৱা ৰোগীজনৰ পৰিয়ালে চিকিৎসালয় কৰ্তৃপক্ষই বিচৰা অনুযায়ী প্ৰথমে ৬ হাজাৰ আৰু পিছলৈ ৫ হাজাৰকৈ টকা জমা দিয়ে ।বৃদ্ধগৰাকীৰ জীয়ৰী লিলা ডাংগীৰ অভিযোগ অনুসৰি শনিবাৰে পুৱা চিকিৎসালয়ৰ পৰা তেওঁলোকে ৰিলিজ বিচাৰিছিল যদিও কতৃপক্ষই প্ৰথমে গুৰুত্ব প্ৰদান নকৰি ১১,২৭০ টকা বিচাৰে কিন্ত পৰিয়ালে সেই ধনৰাশি পৰিশোধ কৰিব নোৱাৰাৰ বাবেই শেষত চিকিৎসালয় কতৃপক্ষই এনেদৰে বান্ধি ৰাখে বৃদ্ধগৰাকীক। ইতিমধ্যে প্ৰশাসনে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষলৈ এখন জাননীও প্ৰেৰণ কৰিছে