Local, Vocal, Global

কৰ’ণা যোদ্ধাক ভাবুকি প্ৰদান কৰা যুৱকক গ্ৰেপ্তাৰ

কৰ’ণা যোদ্ধাক ভাবুকি প্ৰদান কৰা যুৱক আৰক্ষীৰ জালত । ৰাজৈৰ ১০ নং আৰু ৮ নং ৱাডৰ নিকু হাজৰিকা নামৰ এগৰাকী আশাকৰ্মীক ৰাকেশ গুপ্তা নামৰ লোক জনে ঘৰৰ পৰা উঠাই নিয়া ভাবুকি প্ৰদানৰ পিছত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।  তথ্য  অনুসৰি ৰাজেশ গুপ্তা নামৰ লোকজনে নগাঁওৰ এজন লোকক কোৱাইণ্টাইন কেম্পৰ পৰা ৰাজৈ থকা নিজা ঘৰলৈ আনিছিল । সেই সময়ত আশাকর্মী নিকু হাজৰিকা আৰু স্থানীয় ৱাৰ্ড  সদস্য কমিটিৰ বিষয়ববীয়া সকল গুপ্তাৰ ঘৰত উপস্থিত হয় । ইয়াৰ পিছতেই আশাকর্মীগৰাকীক নানা অশ্লীল বাক্য প্ৰয়োগ কৰি খেদি পঠিয়াই । ইমানতেই ক্ষান্ত নাথাকি আশাকর্মী গৰাকীৰ ঘৰত ৰাজেশ গুপ্তা উপস্থিত হৈ গাড়ীত উঠাই নিয়াৰ ভাবুকি প্ৰদান কৰে । এই ঘটনাৰ পিছতেই আশা কর্মী নিকু হাজৰিকাই লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ৷আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু (333/2020 IPC 294/506) কৰিছিল আৰু আজি ৰাকেশ গুপ্তাক পুৱাৰ ভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য় যে যি সময়ত চিকিৎসা কর্মী সকলে দিনে নিশাই কৰ’না ৰোগীৰ লগত দায়িত্ব পালন কৰিছে  ঠিক তেনে সময়তেই এনেদৰে চিকিৎসা কর্মীৰ ওপৰত  দু-ব্যৱহাৰ সংঘটিত হোৱাত যোৰহাট জিলা আশাকৰ্মী সন্থাই লাহদৈগড় আৰক্ষী চকীত শতাধিক আশাকৰ্মী উপস্থিত হৈ পৃথকে এজাহাৰ দাখিল কৰে আৰু দোষীক উচিত তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাৱী জনাইছিল

                                                                          আশাকৰ্মী সন্থাৰ প্ৰতিবাদৰ দৃশ্য