Local, Vocal, Global

ৰাজ্যত এক লাখ অতিক্ৰম কৰিলে ক’ৰনা আক্ৰান্তৰ সংখ্যাই

অসমত অব্যাহত আছে কাল কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ২৫৬০ গৰাকী। নতুনকৈ আক্ৰান্ত সকলৰ ৫৬২ গৰাকী কামৰূপ মহানগৰৰ আৰু ১৬৭ গৰাকী যোৰহাটৰ, ১৩৯ গৰাকী ডিব্ৰুগড়ৰ ১৩৫ গৰাকী হাইলাকান্দি জিলাৰ ১৬৫ গৰাকী কাছাৰৰ। শুক্ুৰবাৰৰ দিনটোত  মৃত্যু হয় ৮গৰাকীৰ ।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১০১৩৬৭ গৰাকী। আৰোগ্য হৈ ঘৰলৈ উভটিছে ৭৯,৩০৭ গৰাকী ৰোগীয়ে। সম্প্ৰতি ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২১৭৭১গৰাকী । ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২৮৬ গৰাকী লোকৰ।

বিগত ২৪ ঘন্টাত ৪০,১০২ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰিছে লক্ষ্যণীয়ভাৱে ২৪ ঘন্টা আক্ৰান্ত লোক হাৰ ৬.৩৮ শতাংশ।