Local, Vocal, Global

ককাই বশ কৰিলে কৰ’নাক

কৰ’নাৰ দ্ৰুত সংক্ৰমনে ব্যাপক উদ্বিগ্নতা কঢ়িয়াই অনাৰ মাজতে এক আশাৰ বতৰা।চিকিৎসকৰ অবিৰত প্ৰচেষ্টা আৰু প্ৰৱল আত্মমনোবলৰ মাজেৰে জটিল পৰিস্থিতিৰ মাজতো ক’ভিডক জয় কৰিবলৈ সক্ষম হ’ল কাশিৰাম নাথ নামৰ এইগৰাকী ৯০ বছৰীয়া ককাই। ক’ভিডত আক্ৰান্ত হৈ যোৱা ৯ জুলাইত এইগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি ভৰ্তী হৈছিল গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত।কিন্তু ক’ভিডৰ সমান্তৰালকৈ পুৰ্বৰে পৰা মধুমেহ আৰু অন্যান্য ৰোগত ভূগি অহা ককাই অক্সিজেনৰ অভাৱত জটিলতাৰ দিশে গতি কৰিছিল। কিন্তু অৱশেষত সম্পুৰ্ণ ১৭ দিনৰ পিচত ককাৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহিল। ৯০ বছৰীয়া ককাই ক’ভিডক জয় কৰি স্বাভাবিকতে মহামাৰীৰ বিভীষিকাৰ মাজত আশাৰ সঞ্চাৰ ঘটাইছে।।