Local, Vocal, Global

ৰাজ্যত পুনৰ এদিনত আক্ৰান্ত সহস্ৰাধিক ইয়াৰ বিপৰীতে মহানগৰীত হ্ৰাস আক্ৰান্তৰ সংখ্যা

ৰাজ্যত পুনৰ এদিনত আক্ৰান্ত সহস্ৰাধিক

সোমবাৰে ৰাজ্যত পুনৰ ১৩৪৮ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’নাৰ অৱস্থিতি। নতুনকৈ হোৱা আক্ৰান্তৰ ১৫৫ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ। ইয়াৰ বিপৰীতে সোমবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১৩৬২গৰাকী ৰোগীয়ে। বিগত চাৰিদিন ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ৪ সহস্ৰাধিক লোক।

২৫ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৩৩,৫৭৬ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ২৫,৪০২ গৰাকী। বৰ্তমান ৰাজ্যত ৮,০৮৫ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ৮৬ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে। ক্ৰমাগত তিনি দিনে ৰাজ্যত সুস্থ সহস্ৰাধিক ৰোগী।