Local, Vocal, Global

আকৌ কোভিড আহিলে সমাজ ব্যৱস্থা শেষ হৈ যোৱাৰ আশংকা মুখ্যমন্ত্ৰীৰ

দুৰ্গা পূজা শেষ হোৱাৰ লগে লগে ৰাজ্যত আকৌ বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। শেহতীয়াকৈ আক্ৰান্তৰ হাৰ কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ লগে লগে চিন্তা বাঢ়িছে চৰকাৰৰ। চৰ্চা চলিছে লকডাউনৰ। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু GMCHৰ অধীক্ষকে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, ‘বেমাৰ ৰোধ কৰিব নোৱাৰিলে আকৌ লকডাউন দিব লাগিব। মই ব্যক্তিগতভাবে একেবাৰে লকডাউন নিবিচাৰো। লকডাউনে বহু ক্ষতি কৰে। কিন্তু বেমাৰটোৱেই এনেকুৱা, সংক্ৰমণ বাঢ়িলে, লকডাউনেই শেষৰ চল্যুচন। গতিকে সকলোৱে নিয়ম-কানুন মানি চলক। ভেকচিন লওক। এয়া অনুৰোধ কৰিছো।’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে, যদি আকৌ কোভিড আহে, শেষ হৈ যাব সমাজ ব্যৱস্থা। গতিকে সকলোৱে ভেকচিন লোৱা নাই, সেইসকলে ভেকচিন লব লাগে।

আনহাতে GMCHৰ অধীক্ষকে এই সন্দৰ্ভত কৈছে যে, ‘এতিয়ালৈকে সকলো নিয়ন্ত্ৰণতে আছে। তথাপিও কও, কোভিড শেষ হৈ যোৱা নাই। দুৰ্গা পূজাৰ পিছতে কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। হিচাপতকৈ আকৌ বাঢ়িছে কোভিড। আগন্তুক দুদিন তিনিদিন চাই, চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব।’