Local, Vocal, Global

ৰাজ্যত অতি ভয়াবহ ক’ভিড সংক্ৰমণ,গুৱাহাটীত এদিনতে ক’ভিড প’জিটিভ ১০০০ কৈ অধিক লোক

গুৱাহাটী,১২ ডিচেম্বৰঃ অসমৰ ৰাইজ ভোগালী বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ সময়ত অসমত ক’ভিডৰ সংক্ৰমণ ভয়াবহ হাৰত বৃদ্ধি পাইছে। আজিৰ দিনটোত কামৰূপ মহানগৰ জিলাত মুঠ ১১৩৮ গৰাকী লোকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে।

ইপিনে, ৰাজ্যত আজিৰ দিনটোত মুঠ ৩২৭৪ গৰাকী লোক ক’ভিড প’জিটিভ হয়। বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৪৯,৯১৫ টা ক’ভিড পৰীক্ষা কৰা হৈছিল যাৰ ভিতৰত ৩২৭৪ গৰাকী লোক প’জিটিভ হয়। ৰাজ্যত প’জিটিভিটিৰ হাৰ হৈছে ৬.৫৬ শতাংশ।

আনহাতে, অসমত বিগত ২৪ ঘণ্টাত ৪ জন লোকৰো ক’ভিড সংক্ৰমণৰ ফলত মৃত্যু ঘটে। ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো লোকক বিহুৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে।